
আমেৰিকা আৰু ইৰাণে মুখামুখি আলোচনাত (Iran War) যদি বহে, তেন্তে সেয়া ক’ত হ’ব পাৰে তাক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শান্তিৰ ইংগিতৰ পিছৰে পৰা আলোচনা আৰম্ভ হৈছে। ইয়াৰ মাজতে পাকিস্তানৰ নাম আহিছে।

ৰয়টাৰৰ বাতৰি অনুসৰি, এই সপ্তাহত ইছলামাবাদত আমেৰিকা আৰু ইৰাণৰ মাজত মুখামুখি বৈঠক হ’ব পাৰে। জানিব পৰা মতে, তুৰস্ক আৰু ইজিপ্তেও পশ্চিম এছিয়াৰ সংঘাতত মধ্যস্থতা কৰিবলৈ চেষ্টা কৰিছে।
ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণে বিগত তিনি সপ্তাহ ধৰি সমগ্ৰ পশ্চিম এছিয়াত অস্থিৰতাৰ সৃষ্টি কৰিছে। ইৰাণে বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ জলপথসমূহ বন্ধ কৰিছে।
ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ বাণিজ্যত প্ৰভাৱ পৰিছে। এনে পৰিস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যোৱা শনিবাৰে ইৰাণক ৪৮ ঘণ্টীয়া সময়সীমা দিছিল। ইৰাণে হৰমুজ প্ৰণালী মুকলি নকৰিলে আমেৰিকাই ইৰাণৰ সকলো বিদ্যুৎ কেন্দ্ৰ ধ্বংস কৰিব বুলিও তেওঁ কয়।
কিন্তু সোমবাৰে সেই দাবীৰ পৰা হঠাতে পিছুৱাই যায় ট্ৰাম্প। তেওঁ কয় যে অহা পাঁচ দিনলৈ ইৰাণৰ কোনো বিদ্যুৎ কেন্দ্ৰত আক্ৰমণ নহ’ব। ইৰাণৰ সৈতে আলোচনা আৰম্ভ হোৱা বুলিও তেওঁ দাবী কৰে আৰু প্ৰাৰম্ভিক পৰ্যায় ইতিবাচক বুলি কয়।
কিন্তু তেহৰানে দাবী কৰিছে যে আমেৰিকাৰ সৈতে এনে কোনো আলোচনা হোৱা নাই। অৱশ্যে ইউৰোপৰ বিভিন্ন সূত্ৰই ৰয়টাৰক জনাইছে যে আমেৰিকা আৰু ইৰাণৰ মাজত কোনো প্ৰত্যক্ষ আলোচনা হোৱা নাই যদিও ‘পৰোক্ষ আলোচনা’ হৈছে।
ইজিপ্ত, পাকিস্তান আৰু উপসাগৰীয় কেইবাখনো দেশে আমেৰিকা আৰু ইৰাণৰ মাজত বাৰ্তা প্ৰেৰণ কৰি আহিছে। পাকিস্তানী বিষয়া আৰু ইজৰাইলৰ কেইবাজনো বিষয়াৰ উদ্ধৃতি দি ৰয়টাৰে এই সপ্তাহত ইছলামবাদত আমেৰিকা আৰু ইৰাণে বৈঠকত মিলিত হ’ব পাৰে বুলি প্ৰকাশ কৰিছে।
ইজৰাইলৰ সূত্ৰই দাবী কৰিছে যে আমেৰিকাৰ প্ৰতিনিধি দলটোত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু দুজন কূটনীতিবিদ ষ্টিভ উইটকফ আৰু জেৰেড কুছনাৰ থাকিব পাৰে। আনহাতে, ইৰাণৰ প্ৰতিনিধি দলত দেশখনৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফো থাকিব পাৰে।
‘দ্য টাইমছ’ত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে উইটকফ ইতিমধ্যে পাকিস্তানলৈ ৰাওনা হৈছে। কিন্তু পাকিস্তানত এই বৈঠকৰ সম্ভাৱনা সন্দৰ্ভত হোৱাইট হাউছে আনুষ্ঠানিকভাৱে একো কোৱা নাই। আমেৰিকাৰ সংবাদ মাধ্যম ‘Axios’ য়েও প্ৰকাশ কৰিছে যে বিগত দুদিন ধৰি তুৰস্ক, ইজিপ্ত আৰু পাকিস্তানে আমেৰিকা আৰু ইৰাণৰ মাজত বাৰ্তা আদান-প্ৰদান কৰি আহিছে।
প্ৰতিবেদনত দাবী কৰা হৈছে যে বিগত কেইদিনত তিনিওখন দেশৰ বৈদেশিক মন্ত্ৰীয়ে উইটকফ আৰু ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিৰ সৈতে পৃথকে পৃথকে কথা পাতিছে। ব্ৰিটিছ সংবাদ মাধ্যম ‘ফাইনেন্সিয়েল টাইমছ’ৰ মতে, যুদ্ধ বন্ধ কৰিবলৈ পাকিস্তানে মধ্যস্থতা কৰিবলৈ চেষ্টা কৰিছে। ইছলামাবাদত আমেৰিকা আৰু ইৰাণৰ মাজত মুখামুখি বৈঠক অনুষ্ঠিত কৰাৰ বাবেও পাকিস্তানে ট্ৰাম্প প্ৰশাসনক প্ৰস্তাৱ আগবঢ়ায়।
যোৱা দেওবাৰে পাকিস্তানী সেনাপ্ৰধান আচিম মুনিৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতে। পিছদিনা সোমবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেঝেচকিয়ানৰ সৈতে ফোনযোগে কথা পাতে।










