
অসম, কেৰালা আৰু পুডুচেৰীত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ (Election) বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ সোমবাৰে সমাপ্ত হয়।

অহা ৯ এপ্ৰিলত এই তিনিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে, ৪ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা। ইফালে পশ্চিমবংগ আৰু তামিলনাডুৰ মনোনয়ন প্ৰক্ৰিয়া বাকী আছে।
অসমত বিধানসভাৰ ১২৬ খন, কেৰালাৰ ১৪০ খন আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ ৩০ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। তিনিখন ৰাজ্যতে এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। কেৰালাত কংগ্ৰেছ নেতৃত্বাধীন ইউ ডি এফ আৰু শাসকীয় বাওঁ মিত্ৰজোঁটৰ এল ডি এফৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ’ব।
আনহাতে, এইবাৰ অসমত শাসকীয় বিজেপি-অসম গণ পৰিষদৰ মিত্ৰতাক প্ৰতিহত কৰিবলৈ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰ ভিতৰত আছে চি পি এম, চি পি আই এম এল, ঝাৰখণ্ড মুক্তি মৰ্চা (জে এম এম), অসম জাতীয় পৰিষদ, জনজাতীয় সংগঠন ‘অল পাৰ্টী হিল লিডাৰ্ছ কনফাৰেন্স’ আৰু ৰাইজৰ দল।
আনহাতে, কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীত এন আৰ কংগ্ৰেছ-বিজেপি-এ আই এ ডি এম কে মিত্ৰজোঁট ক্ষমতাত আছে। তেওঁলোকৰ প্ৰতিদ্বন্দ্বী হৈছে কংগ্ৰেছ-ডি এম কে মিত্ৰজোঁট।
পৰৱৰ্তী পৰ্যায়ত ২৩ এপ্ৰিলত তামিলনাডুৰ ২৩৪ খন আসন আৰু পশ্চিমবংগৰ ২৯৪ খন আসনৰ ভিতৰত ১৫২ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। পশ্চিমবংগত ২৯ এপ্ৰিলত ১৪২ খন আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
১৬ মাৰ্চত নিৰ্বাচন আয়োগে ৫ খন ৰাজ্যৰ উপ-নিৰ্বাচনৰো সময়সূচী ঘোষণা কৰে। গুজৰাট, গোৱা, ত্ৰিপুৰা, নাগালেণ্ডত এখনকৈ আসন আৰু কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত দুখনকৈ আসনৰ বাবে বিধানসভাৰ উপ-নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে।
ইয়াৰে ৯ এপ্ৰিলত গোৱা, কৰ্ণাটক, নাগালেণ্ড আৰু ত্ৰিপুৰাত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ বাবেও মনোনয়ন প্ৰক্ৰিয়া সোমবাৰে সমাপ্ত হয়। আনহাতে, ২৩ এপ্ৰিলত গুজৰাট আৰু মহাৰাষ্ট্ৰৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। ৪ মে’ত এই আঠখন আসনৰ আটাইকেইখনৰ ভোটগণনা অনুষ্ঠিত হ’ব।











