
বহুতৰে কুকুৰ-মেকুৰী (Cat Lover) পোহাৰ চখ আছে। কিন্তু কেতিয়াবা এই পোহনীয়া জন্তুবোৰক লৈ পৰিয়ালৰ সদস্যৰ আপত্তিৰ সন্মুখীন হ’বলগীয়া হয়। তেনে এক ঘটনা পোহৰলৈ আহিছে।

তেলেংগানাৰ হায়দৰাবাদৰ এগৰাকী যুৱতী চিকিৎসকে মেকুৰী এটা পুহিবলৈ নিদিয়াৰ বাবে ক্ষোভ আৰু অভিমানত আত্মহত্যা কৰে। আৰক্ষীয়ে জনোৱা মতে, চিকিৎসকগৰাকীৰ নাম টি প্ৰিন্সি ওৰফে শ্ৰেষ্ঠা। শুকুৰবাৰে সন্ধিয়া ঘৰত তেওঁ অকলে আছিল। তেওঁৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ কৰে পৰিয়ালৰ লোকে।
জানিব পৰা মতে, চিকিৎসকগৰাকীয়ে হায়দৰাবাদৰ আলৱালেত মাতৃ কুসুমলতা আৰু আইতাকৰ সৈতে বাস কৰিছিল। কেইসপ্তাহমানৰ আগতে ঘৰলৈ মেকুৰী এটা আনিছিল। পৰিয়ালৰ দাবী, মেকুৰীটোক ঘৰলৈ অনাৰ পিছতে শ্ৰেষ্ঠাই চৰ্দি আৰু কাহত ভুগিবলৈ আৰম্ভ কৰে।
বাৰে বাৰে চৰ্দি আৰু কাহত ভুগি থকাৰ বাবে পৰিয়ালৰ লোকে সন্দেহ কৰে যে মেকুৰীটোৰ বাবেই শ্ৰেষ্ঠা অসুস্থ হৈ পৰিছে। আৰু এই ধাৰণাৰ ভিত্তিত পৰিয়ালৰ লোকে মেকুৰীটোক ঘৰত ৰখাত তীব্ৰ আপত্তি কৰে।
আৰক্ষীয়ে জানিব পাৰিছে যে মেকুৰীটোক ঘৰত ৰখাৰ বাবেই শ্ৰেষ্ঠা আৰু পৰিয়ালৰ লোকৰ মাজত বিবাদ আৰম্ভ হৈছিল। ফলত সঘনাই অশান্তিৰ সৃষ্টি হৈছিল।
শুকুৰবাৰে সন্ধিয়া তেওঁৰ মাক আৰু আইতাক কোনো কামৰ বাবে ঘৰৰ পৰা ওলাই যায়। ঘৰলৈ উভতি আহোঁতে তেওঁলোকে শ্ৰেষ্ঠাক মাতে যদিও কোনো সঁহাৰি নাপালে। ইয়াৰ পিছত তেওঁৰ কোঠাত সোমাই তেওঁলোকে থতমত খালে। ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে শ্ৰেষ্ঠাক। আৰক্ষীয়ে অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।











