ASSAM TIMES POST
ডিফু : ২৪ ফেব্ৰুৱাৰী সোমবাৰে প্ৰদান কৰা হ’ব ৰাজ্য কঁপোৱা ঝংকাৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান ৷ কাৰবি আংলং জিলাৰ সত্ৰ ন্যায়াধীশ এ, আহমেদৰ বিচাৰ পীঠত দিয়া হ’ব গোছৰটোৰ চূড়ান্ত ৰায়দান ৷ উল্লেখযোগ্য ২০১৩ চনৰ ২৫ জুনত এদল উন্মত্ত লোকৰ আক্ৰমণৰ বলি হৈ অকাল আৰু কৰুণ মৃত্যুক সাৱটি লৈছিল ঝংকাৰ শইকীয়া নামৰ যুৱকজনে ৷
ঝংকাৰৰ মৃত্যুৰ পিছতে উক্ত ঘটনাকলৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ এইলৈ যোৱা ৭ বছৰত কাৰবি আংলং জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত শুনানীৰ সমাপ্ত হৈছে ৷ স্মৰ্তব্যযে, ২৫ জুনৰ দিনা অধিবক্তা পিতৃৰ সৈতে বজাৰলৈ অহা ঝংকাৰৰ এগৰাকী অট’চালকৰ সৈতে দহ টকাৰ অট’ ভাড়াকলৈ বিতৰ্ক হৈছিল ৷
আৰু উক্ত বিতৰ্কই সংঘাতৰ ৰূপ লয় আৰু এদল উন্মত্ত লোকে ডিফু চহৰৰ মাজ মজিয়াত নিৰ্মভাবে নিৰ্যাতন চলাই গুৰুতৰভাবে জখম কৰে আৰু পিছত ঝংকাৰক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল যদিও এসপ্তাহ মৃত্যুৰ সৈতে যুঁজি নিয়তিৰ সৈতে হাৰ মানি পৃথিৱীৰ পৰা চিৰ বিদায় লৈছিল ৷ নিজ চকুৰ ওচৰতে পুত্ৰৰ ওপৰত চলা নিৰ্মম প্ৰহাৰ অসহায়ভাবে প্ৰত্যক্ষ কৰিছিল ঝংকাৰৰ পিতৃ হৰেণ শইকীয়াই ৷
উক্ত গোছৰত দুজন আৰক্ষীৰ লোককে ধৰি মুঠ ১৬ জন অভিযুক্ত কৰে তদন্তকাৰী বিষয়াই ৷ইয়াৰে ১৪ জন ডিফু কাৰাগাৰত বন্দী ৷ আনহাতে গোছৰটোত অভিযুক্ত হোৱা দুই আৰক্ষী ক্ৰমে,ৰমেশ নাথ আৰু হাৰুণ বৰা ৷ দুই আৰক্ষীৰ সম্মূখতে ঝংকাৰৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ চলিছিল যদিও আৰক্ষীৰ লোক দুজনে একো কৰিব পৰা নাছিল ৷ ২৪ ফেব্ৰুৱাৰী ঝংকাৰ হত্যাকাণ্ড গোছৰকলৈ জনতাৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে ৷













