ASSAM TIMES POST
পৃথক ভোটাৰ তালিকা প্ৰস্তুত আৰু বড়ো চুক্তি দফা ৮ ৰ বিৰোধিতাৰে ৰাজ্যপালৰে আলোচনা
ডিফু : অৱশেষত দীৰ্ঘদিন ধৰি চলি অহা আন্দোলনৰ প্ৰতি সঁহাৰি জনাই মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এক সঁজাতি দলে দিছপুৰ ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি চাৰিদফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ অৰ্পণ কৰে ৷

দাবী সমূহ ক্ৰমে, কাৰবি আংলঙত শীঘ্ৰে পৃথক ভোটাৰ তালিকা প্ৰস্তুতকৰণ, স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন সদস্য সকলৰ পেন্সন সন্দৰ্ভত আলোচনা, কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্যই বড়ো চুক্তিক সম্মান জনাই যদিও কাৰবি আংলঙত বসবাসকাৰী বড়ো সকলক পাৰ্বত্য জনজাতি দিয়াৰ মৰ্যদা প্ৰদানৰ লগতে চুক্তিৰ ৮ নং দফাৰ বিৰোধিতা কৰিছে ৷ জিলা খনৰ শান্তি, প্ৰগতি উন্নয়ণৰ বাবে আন্দোলনকাৰী দল সমূহৰ সৈতে আলোচনাত বহা আদি ৷

উল্লেখযোগ্যযে বিগত বৰ্ষৰ পৰা জিলাখনত প্ৰধানকৈ জনজাতীয় লোক সকলৰ বাবে পৃথক ভোটাৰ তালিকা প্ৰস্তুতকৰণ আৰু বড়ে চুক্তিৰ ৮ নং দফা অনুসৰি কাৰবি আংলঙত বসবাস কৰা বড়ো সকলক পাৰ্বত্য জনজাতিৰ মৰ্যদা দিয়াৰ বিৰুদ্ধে প্ৰৱল আন্দোলন হৈছিল যদিও কাৰবি আংলঙ স্বায়ত্তশিসিত পৰিষদৰ মৌন ভূমিকালৈছিল যদিও শেহতীয়াকৈ তুলিৰাম ৰংহাঙৰ নেতৃত্বত আজি সাংসদ হৰেণছিং বে’ কে ধৰি পৰিষদৰ কেইবাগৰাকী ইএম আৰু এমএচি সহ সঁজাতি দলে উল্লেখিত দাবী সমূহলৈ ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি স্মাৰকপত্ৰ অৰ্পণ কৰা বিষয়টিয়ে বিশেষ তাৎপৰিয বহন কৰিছে ৷













