ASSAM TIMES POST
ডিফু : অসম চৰকাৰৰ ‘অসম দৰ্শন’ আঁচনিৰ অধীনত কাৰবি আংলং জিলাৰ ৩১ টা ধৰ্মীয় সংগঠনক বাছনি কৰা হৈছে ৷ জিলা তথ্য আৰু জন সংযোগ বিভাগৰ এক প্ৰেছ বিবৃতি অনুসৰি ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত অনুষ্ঠিত হবলগীয়া আনুষ্ঠানিক উদ্ধোধনী অনুষ্ঠানৰ বাছনিভূক্ত কাৰবি আংলঙৰ ৩১ টা ধৰ্মীয় সংগঠনে অংশ গ্ৰহণ কৰিব ৷
এই লৈ আজি পুৱা ১১ বজাত কাৰবি আংলং জিলাৰ উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ পৌৰোহিত্যত ডিফু আৱৰ্ত ভৱনত এক সভা অনুষ্ঠিত হৈ যায় ৷ উক্ত সভাত অতিৰিক্ত উপায়ুক্ত পাৰ্থ জহ’ৰি, বোকাজানৰ মহকুমাধিপতি দিলীপ তেৰাঙ,আৰু বিভাগীয় বিষয়াৰ লগতে বোকাজানৰ পৰা ২৫ টা ধৰ্মীয় সংগঠন আৰু হাওৰাঘাটৰ পৰা ৬ টা ধৰ্মীয় সংগঠন সভাত উপস্থিত থাকে ৷
জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই জানিবলৈ দিয়ে যে, উক্ত আঁচনিৰ বাবে বাছনিভূক্ত ধৰ্মীয় সংগঠনৰ দল সমূহলৈ জিলা প্ৰশাসনে ধৰ্মীয় সংগঠনৰ দল সমূহক বাহন, চিকিৎসকৰ দল, আৰক্ষীৰ নিৰাপত্তা, খোৱা-বোৱা আদি যোগান ধৰা হ’ব ৷ সেয়ে ২৩ ফেব্ৰুৱাৰী বাছনিভূক্ত ধৰ্মীয় সংগঠনৰ বোকাজানৰ দলটো বোকাজান মহকুমাধিপতিৰ কাৰ্যালয়ত আৰু হাওৰাঘাট দল সমূহ হাওৰাঘাট বনবিভাগৰ বাংল’ত আৰক্ষীৰ দল, চিকিৎসকৰ দল সহ উপস্থিত থাকিবলৈ জনোৱা হৈছে অতিৰিক্ত উপায়ুক্তই দল সমূহৰ নেতৃত্ব প্ৰদান কৰিব ৷
তেওঁ ইয়াকো জানিবলৈ দিয়ে যে, গুৱাহাটীৰ উক্ত অনুষ্ঠানত ১০০০ টা বাছনিভূক্ত দল সমবেত হব আৰু প্ৰতিটি বাছনি কৰা ধৰ্মীয় স্থানৰ বাবে ১০ লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব ৷ উক্ত ধন ধৰ্মীয় স্থান সমুহৰ আন্তঃগাঁথনি আৰু উন্নয়ণৰ বাবে প্ৰদ্ন কৰা হ’ব ৷ এইলৈ ২০১৯-২০ বৰ্ষত ১০০ কোটি টকাৰ বাজেট গ্ৰহণ কৰা হৈছে ৷
ৰাজ্যখনৰ বিভিন্ন স্থানত থকা ধৰ্মীয় স্থান বৈচিত্ৰতাৰ উন্নয়ণ , এই স্থান সমূহৰ ঐতিহাসিক গুৰুত্বৰ কথা ভাবিয়েই মছজিদ,মন্দিৰ থান, সত্ৰ,গীৰ্জা, বৌদ্ধ বিহাৰ, দৰগাহ আৰু বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ আধ্যাত্মিক স্থান সমূহৰ উন্নয়ণ আৰু সুবিধাৰ বাবে সহায় কৰা আঁচনিৰ প্ৰাথমিক লক্ষ্য আৰু উদ্দেশ্য ৷ এনে সুবিধাৰ অভাৱৰ বাবেই উক্ত স্থানবোৰত দৰ্শনাৰ্থীয়ে সমস্যাৰ সন্মুখীন হৈ আহিছে বুলিও বিবৃতিটোত প্ৰকাশ ৷













