
এজন কিশোৰক প্ৰহাৰ কৰি হত্যা কৰাৰ পিছত তেওঁৰ তেজ পান (Drink blood) কৰে। কেৱল সেয়াই নহয়, কিশোৰগৰাকীৰ মাংস খোৱা (Man eater)ৰ অভিযোগো উত্থাপন হৈছে মধ্যপ্ৰদেশ (Madhya Pradesh)ত। সমগ্ৰ ঘটনাটো দিনৰ পোহৰতে গাঁওবাসীৰ সন্মুখত সংঘটিত হৈছিল যদিও আক্ৰমণকাৰীৰ পৰা কিশোৰজনক উদ্ধাৰ কৰিবলৈ কোনেও আগবাঢ়ি অহা নাছিল বুলি অভিযোগ উত্থাপন হৈছে। আনকি এই ঘটনা ঘটি থকাৰ সময়ত বহুতে কেমেৰাত ৰেকৰ্ডিঙো কৰি আছিল।
বৃহস্পতিবাৰে বিয়লি দামোহ জিলাৰ সঞ্জিনা গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। মৃত কিশোৰজনৰ নাম ভাৰত বিশ্বকৰ্মা। আৰক্ষীৰ খবৰ অনুসৰি, ভনীয়েকৰ শাহুৱেকৰ ঘৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল ভাৰত।

অভিযোগ অনুসৰি, সেই সময়ত গুড্ডা পেটেল নামৰ এজন যুৱকে পাছফালৰ পৰা ভাৰতক আক্ৰমণ কৰিছিল। প্ৰত্যক্ষদৰ্শীৰ দাবী, গুড্ডাই ভাৰতৰ মূৰত লোহাৰ ৰডেৰে আঘাত কৰে। সেই আঘাতৰ বাবেই পথত পৰি যায় ভাৰত। ইয়াৰ পিছত গুড্ডাই ইটোৰ পিছত সিটোকৈ হাতুৰীৰে ভাৰতৰ মূৰত প্ৰহাৰ কৰে। এই দৃশ্য দেখি গাঁৱৰ ৰাইজ হতভম্ব হৈ পৰে।
প্ৰত্যক্ষদৰ্শীৰ দাবী, ভাৰতৰ মৃত্যু নিশ্চিত হোৱাৰ লগে লগে গুড্ডাই তেওঁৰ শৰীৰৰ পৰা ওলোৱা তেজ পান কৰিবলৈ আৰম্ভ কৰে। আনকি তেওঁ চোকা অস্ত্ৰ ব্যৱহাৰ কৰি ভাৰতৰ শৰীৰৰ মাংসও কাটি খায়। স্থানীয় একাংশ লোকে আৰক্ষীক খবৰ দিয়ে। এই ঘটনাৰ পিছত গুড্ডাই পলাবলৈ চেষ্টা কৰে। কিন্তু গাঁৱৰ মানুহে খেদি খেদি ঘেৰি ধৰে। গাঁওবাসীয়ে দাবী কৰিছে যে গুড্ডাই তেওঁলোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হয় আৰু বহু চেষ্টাৰ অন্তত গুড্ডা ধৰা পৰে। এতিয়া প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে, সকলোৱে দেখিও আক্ৰমণকাৰীক বাধা দিবলৈ কিয় চেষ্টা নকৰিলে? বৰঞ্চ ঘটনাৰ ভিডিঅ’ বনোৱাত ব্যস্ত হৈ পৰিল। অৱশ্যে স্থানীয় লোকৰ এটা অংশই দাবী কৰে যে গুড্ডাৰ হাতত চোকা অস্ত্ৰ আছিল, গতিকে কোনেও আগবাঢ়ি যাবলৈ সাহস কৰা নাছিল।












