
বুধবাৰে নিশা খবৰটো ওলোৱাৰ পিছত বৃহস্পতিবাৰে পুৱাৰে পৰা বিহাৰৰ ৰাজধানী পাটনাৰ ৰাজপথলৈ ওলাই আহে জে ডি ইউৰ কৰ্মী আৰু সমৰ্থক। দলৰ ৰাজ্যিক কাৰ্যালয় লণ্ডভণ্ড কৰাৰ উপৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ (Nitish Kumar) চৰকাৰী বাংলোৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে তেওঁলোকৰ লক্ষ্য হৈছে মিত্ৰদল বিজেপি।

বিহাৰৰ মুখ্যমন্ত্রী পদৰ দায়িত্ব ল’বলৈ নীতিশ কুমাৰক ৰাজ্যসভালৈ পঠিয়াবলৈ বিজেপি নেতৃত্বই ব্যৱস্থা কৰা বুলি প্রতিবাদ সাব্যস্ত কৰা জে ডি ইউৰ কর্মী আৰু সমর্থকে অভিযোগ উত্থাপন কৰিছে৷ জে ডি ইউ সমৰ্থকৰ অভিযোগক সমৰ্থন জনাইছে বিৰোধী নেতাসকলেও।
বিহাৰ বিধানসভাৰ বিৰোধী দলৰ নেতা তথা আৰ জে ডিৰ মুৰব্বী লালুপ্ৰসাদৰ পুত্ৰ তেজস্বী যাদৱে বৃহস্পতিবাৰে কয়, “মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত বিহাৰৰ জনমতৰ প্ৰতি বিশ্বাসঘাতকতা। বিজেপিয়ে সদায় দলিত আৰু অ’বিচি (পিছপৰা শ্ৰেণী)ৰ বিৰোধিতা কৰি আহিছে। যদি নীতিশজীয়ে মুখ্যমন্ত্ৰীৰ পদ এৰি দিয়ে তেন্তে তেওঁলোকে (বিজেপি) সমাজবাদী দুৰ্গত তেওঁলোকৰ এজেণ্ডা কাৰ্যকৰী কৰাৰ চেষ্টা কৰিব।”
বিধানসভা নিৰ্বাচনৰ চাৰি মাহৰ পাছত বিহাৰত মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তনক শিৱসেনাৰ নেতা একনাথ শিণ্ডেক অপসাৰণ আৰু মহাৰাষ্ট্ৰত বিজেপিৰ দেৱেন্দ্ৰ ফাড়নৱীছক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ সৈতে তুলনা কৰে। তেওঁৰ মন্তব্য, “মই আগতেও কৈছিলোঁ — ‘নীতিশজীক ঘোঁৰাত দৰা সজাই অনা হৈছে, কিন্তু বিয়া আন কাৰোবাৰ লগত।”
এই ৰাজনৈতিক উত্তেজনাৰ মাজতে বৃহস্পতিবাৰে নীতিশ কুমাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে। বিজেপিৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীনেও মনোনয়ন দাখিল কৰে। অমিত শ্বাহৰ উপস্থিতিত তেওঁলোকে বিধানসভা সচিব খ্যাতি সিঙৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে।
উপস্থিত থাকে বিহাৰৰ এন ডি এ কেবিনেটৰ দুজন বিজেপি উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিং। বিহাৰৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ৰাষ্ট্ৰীয় ৰাজনীতিত সোমালে বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদ কোনে গ্ৰহণ কৰিব সেই লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে।
এই ক্ষেত্ৰত বিধায়কৰ সংখ্যাৰ ক্ষেত্ৰত আগবাঢ়ি থকা বিজেপিয়ে প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদ লাভ কৰিবলৈ যোৱাৰ ইংগিত পোৱা গৈছে। সম্ভাৱ্য মুখ্যমন্ত্ৰী হিচাপে নাম উল্লেখ কৰা বিজেপি নেতাসকলৰ ভিতৰত বিহাৰৰ উপ-মুখ্যমন্ত্ৰী আৰু আৰক্ষী মন্ত্ৰী সম্ৰাট শীৰ্ষত আছে।









