
বৃহস্পতিবাৰে নিশা কাৰ্বি আংলং জিলাত সংঘটিত সুখয়-৩০ এম কে আই যুঁজাৰু বিমান দুৰ্ঘটনাত ভাৰতীয় বায়ুসেনাৰ দুই পাইলটৰ মৃত্যু। এই কথা নিশ্চিত কৰিছে ভাৰতীয় বায়ুসেনাই।

বায়ুসেনাই প্ৰকাশ কৰা তথ্য় অনুসৰি, নিহত পাইলট দুজন হৈছে স্কোৱাড্ৰন লীডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পাৰভেশ দুৰ্গাকাৰ৷ উল্লেখ্য যে ভাৰতীয় বায়ুসেনাৰ সুখয় যুদ্ধবিমানখন কাৰ্বি আংলঙৰ চকীহোলাত বৃহস্পতিবাৰে সন্ধিয়া দুৰ্ঘটনাত পতিত হয়৷
চকীহোলাৰ জাম্বাবস্তিৰ স্থানীয় লোকে এই ঘটনা প্ৰথমে প্ৰত্যক্ষ কৰে৷ ইফালে এই দুৰ্ঘটনাত দুই সহকৰ্মী নিহত হোৱাত ভাৰতীয় বায়ুসেনাই গভীৰ শোক প্ৰকাশ কৰি তেওঁলোকৰ পৰিয়ালৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে৷ লগতে এই কঠিন সময়ত পৰিয়ালকেইটাৰ কাষত ভাৰতীয় বায়ুসেনা থকাৰো আশ্বাস দিয়ে।
উল্লেখ্য যে প্ৰথমাৱস্থাত ভাৰতীয় বায়ুসেনাৰ সুখয় যুদ্ধবিমানখন নিৰুদ্দেশ হয়। এই ঘটনাৰ পিছতে বৃহস্পতিবাৰে সন্ধিয়া যুদ্ধ বিমানখন বিচাৰি উলিয়াবলৈ অভিযান আৰম্ভ কৰা হয়। সমগ্ৰ অঞ্চলটো তালাচী চলোৱাৰ অন্তত ভাৰতীয় বায়ুসেনাই অৱশেষত কাৰ্বি আংলং অঞ্চলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে।
ভাৰতীয় বায়ুসেনাই এক্স পোষ্টত কয় যে যোৰহাট বিমান বন্দৰৰ পৰা সন্ধিয়া এছ ইউ-৩০ যুদ্ধবিমানখনে উৰা মাৰিছিল। বিমান যাত্ৰাৰ কিছু সময়ৰ পিছতে সন্ধিয়া ৭.৪২ বজাত অন্তিম যোগাযোগ সম্ভৱ হৈছিল। ইয়াৰ পিছত যোগাযোগ নোহোৱা হৈ পৰে। একেটা অঞ্চলতে নিশা বায়ুসেনাৰ এখন হেলিকপ্টাৰেৰে তালাচী চলায়।
বায়ুসেনাৰ এক সূত্ৰৰ উদ্ধৃতিত জনোৱা মতে, অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত অন্তিমবাৰৰ বাবে দেখা গৈছিল সুখয় যুদ্ধবিমানখন। তাৰ পিছত বায়ুসেনাই জনোৱা মতে, যোৰহাটৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত থকা অসমৰ কাৰ্বি আংলং অঞ্চলত প্ৰশিক্ষণৰ সময়ত যুদ্ধবিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।










