ASSAM TIMES POST
নগাঁও, ২১ ফেব্ৰুৱাৰী : শিৱৰাত্ৰি উপলক্ষে আজি পুৱাৰে নগাঁও চহৰৰ পূৱ আমোলাপট্টিৰ সাৰ্বজনীন নগাঁও শ্মশানঘাট শিৱ মন্দিৰত ভক্তৰ লানি নিছিগা সোঁত ববলৈ ধৰে । মন্দিৰৰ শিৱলিংগত ফুল , বেলপাত, ধূপ- দীপ, নৈবদ্য আদিৰে ভক্তসকলে পূজা অৰ্চনা কৰে। আনহাতে আজি পুৱা পুৰণিগুদাম কলংপাৰ হালোৱাগাঁৱৰ নৱ-প্ৰজন্ম নামতি দলে পৰিবেশন কৰা দিহানামে মন্দিৰ চৌহদত সমবেত কেইবা সহস্ৰাধিক ভক্তৰ দৃষ্টি আকর্ষণ কৰা পৰিলক্ষিত হয় । ইপিনে আজি সন্ধিয়া মন্দিৰ চৌহদত থকা নটৰাজ কলাক্ষেত্ৰৰ স্হায়ী মঞ্চত গীতায়ন চিত্রাংকন আৰু সংগীত বিদ্যালয় আৰু জ্যোতিষ্মান সাংস্কৃতিক গোষ্ঠীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।
সন্ধিয়াৰে পৰা মন্দিৰত অহোৰাত্ৰি শিৱ পূজা আৰম্ভ হয়। উল্লেখ্য, শ্মশানঘাট শিৱ মন্দিৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা শিৱৰাত্ৰি পূজাৰ কাইলৈ অন্তিম দিনৰ কাৰ্যসূচীত পুৱা ৬ বজাৰ পৰা ভক্তৰ বাবে মন্দিৰৰ দ্বাৰ মুকলি কৰা হব। কাইলৈ পুৱা ১০ বজাত দিহা নাম প্ৰতিযোগিতা, সন্ধিয়া ৫ বজাত সম্বৰ্ধনা অনুষ্ঠান আৰু সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হবলগা সাংস্কৃতিক অনুষ্ঠানত ফৌজদাৰীপট্টিৰ পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ শিল্পীসকলৰ লগতে ১৯৮ নং টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অনুষ্ঠান পৰিৱেশন কৰিব ।