
পশ্চিম এছিয়াৰ যুদ্ধ (West Asia war) পৰিস্থিতিৰ বাবে ভাৰতৰ বজাৰ (Indian market)ত পেট্ৰ’লিয়াম সামগ্ৰীৰ (Petroleum products) অভাৱ নহ’ব (No shortage)। এই কথা মঙলবাৰে দাবী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে। পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী (Minister Hardeep Singh Puri)য়ে কয়, “পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত (Fuel is available) আছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰত সম্পূৰ্ণৰূপে সাজু।”
ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ আক্রমণ আৰু তেহৰানৰ প্রত্যাক্রমণে পশ্চিম এছিয়াত যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ মঙলবাৰে ইৰাণে সংঘাতৰ চতুৰ্থ দিনটোত তেল টেংকাৰ (ৰাছিয়া আৰু চীনৰ তেল টেংকাৰৰ বাহিৰে) নিষেধাজ্ঞা আৰোপ কৰে। ফলত দেশৰ বজাৰলৈ পেট্ৰ’লিয়াম সামগ্ৰীৰ যোগান ব্যাহত হ’ব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছে যদিও মঙলবাৰে হৰদীপে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নতুন দিল্লীৰ প্ৰস্তুতিৰ বিষয়ে ব্যাখ্যা কৰি কয়, “আমাৰ মন্ত্ৰালয়ে সমগ্ৰ দেশতে পেট্ৰ’লিয়াম সামগ্ৰীৰ যোগান আৰু মজুতকৰণৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰিবলৈ ২৪ ঘণ্টীয়া সক্ৰিয় নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। বৰ্তমান সময়ত চৰকাৰে তেলৰ মজুতক লৈ যথেষ্ট সন্তুষ্ট। ভাৰতীয় গ্ৰাহকৰ স্বাৰ্থ আমাৰ শীৰ্ষ অগ্ৰাধিকাৰ।”

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ এক সূত্ৰৰ উদ্ধৃতিৰে সংবাদ সংস্থা এ এন আয়ে প্ৰকাশ কৰা অনুসৰি, দেশত এতিয়া ২৫ দিনৰ পেট্ৰ’ল আৰু ডিজেল মজুত আছে। কিন্তু ভাৰতৰ মুঠ পেট্ৰ’লিয়াম আমদানিৰ ৪০ শতাংশ হৰমুজ প্ৰণালীৰ মাজেৰে আহে। ফলত যুদ্ধ দীঘলীয়া হ’লে ভাৰতৰ ওপৰত চাপ বাঢ়িব পাৰে। এনে পৰিস্থিতিত মোদী চৰকাৰে বিকল্প পথেৰে পেট্ৰ’লিয়াম সামগ্ৰী আমদানি কৰাত সক্ৰিয় হৈ পৰিছে বুলি প্ৰকাশিত প্ৰতিবেদনত প্ৰকাশ পাইছে। এই প্ৰসংগত হৰদীপে কয়, “নিৰন্তৰ নিৰীক্ষণৰ ভিত্তিত চৰকাৰে পৰিস্থিতিক সাৱধানে উন্নত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।” তেওঁ কয় যে বৰ্তমান ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম পেট্ৰ’লিয়াম সামগ্ৰী আমদানিকাৰী, চতুৰ্থ বৃহত্তম শোধনাগাৰ আৰু পঞ্চম বৃহত্তম পেট্ৰ’লিয়াম সামগ্ৰীৰ ৰপ্তানিকাৰক।
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে জনাইছে যে ভাৰতীয় শক্তি কোম্পানীসমূহে এতিয়া হৰমুজ প্ৰণালীৰ জৰিয়তে যোগান নধৰা ইন্ধন যোগানক অগ্ৰাধিকাৰ দিছে। হৰমুজ প্ৰণালীৰ ওপৰত নিৰ্ভৰশীল সামগ্ৰীৰ যোগান সম্প্ৰতি সীমিত হৈ থাকিব। ভাৰতৰ বহু বাণিজ্য হৰমুজ প্ৰণালী আৰু বাব এল মাণ্ডেব প্ৰণালীৰ জৰিয়তে হয়। কেৱল পশ্চিম এছিয়াতে নহয়, আমেৰিকা আৰু ইউৰোপতো ইয়াৰ দ্বাৰা হয়। বন্ধ হোৱাৰ বাবে পৰিবহণৰ খৰচ বৃদ্ধি পোৱাৰ আশংকা থাকে। ইয়াৰ বাহিৰেও ইৰাণ ভাৰতীয় বাছমতী চাউলৰ দ্বিতীয় বৃহত্তম বজাৰ। প্ৰথম হৈছে ছৌদি আৰব। হৰমুজৰ প্ৰভাৱে ধানৰ ৰপ্তানিৰ ক্ষেত্ৰতো প্ৰভাৱ পেলোৱাৰ আশংকা বৃদ্ধি পাইছে।











