
দিল্লীৰ ৰাউজ এভিনিউ আদালতে আবকাৰী গোচৰ (Delhi liquor case)ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal) আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াকে (Manish Sesodia) ধৰি ২১ জন লোকক দোষমুক্ত কৰিছে। উক্ত নিৰ্দেশক প্ৰত্যাহ্বান জনাই ইতিমধ্যে চি বি আয়ে (CBI) দিল্লী উচ্চ ন্যায়ালয় (Delhi High Court)ৰ কাষ চাপিছে। অহা ৯ মাৰ্চ, সোমবাৰে চি বি আইৰ আবেদনৰ শুনানি গ্ৰহণ (Hearing of the application) কৰিব দিল্লী উচ্চ ন্যায়ালয়ে।
শুকুৰবাৰে দিল্লী আদালতে কেজৰিৱালক আবকাৰী দুৰ্নীতিৰ গোচৰৰ পৰা মুক্ত কৰে। ইয়াৰ পিছতে একেদিনাই দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে চি বি আই। সূত্ৰ অনুসৰি, চি বি আয়ে অনুভৱ কৰিছে যে হয় কিছুমান দিশক আওকাণ কৰা হৈছে, নহয় এই গোচৰত পৰ্যাপ্ত বিবেচনা কৰা হোৱা নাই। অহা ৯ মাৰ্চত এই গোচৰৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাই।
উল্লেখ্য যে ২০২১ চনৰ নৱেম্বৰ মাহত তদানীন্তন দিল্লী চৰকাৰে নতুন আবকাৰী নীতি আনিছিল। সুৰা ক্ৰয় কৰাৰ সমান্তৰালকৈ বিক্ৰীৰ পদ্ধতিতো কেতবোৰ সালসলনি কৰা হয়। নতুন আবকাৰী নীতি অনুসৰি, চৰকাৰী সুৰাৰ বিপণী বন্ধ কৰি ব্যক্তিগত সুৰাৰ বিপণীক সুৰা বিক্ৰীৰ অনুমতি দিয়া হয়। কেজৰিৱাল চৰকাৰে ৮৪৯ খন নতুন সুৰাৰ বিপণী খুলিব বিচাৰিছিল।

ৰাজধানীৰ ৩২টা অঞ্চলত এই সুৰাৰ বিপণীসমূহ খোলাৰ পৰিকল্পনা আছিল। দিল্লীৰ তদানীন্তন উপ-মুখ্যমন্ত্ৰী তথা আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী ছিছোদিয়াই দাবী কৰিছিল যে নতুন আবকাৰী নীতিয়ে সুৰাৰ ক’লা বজাৰ বন্ধ কৰাই নহয়, ৰাজহ সংগ্ৰহো বৃদ্ধি কৰিব। কিন্তু সেই নীতি কাৰ্যকৰী কৰিবলৈ আবকাৰী অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত অনিয়ম আৰু আনকি আৰ্থিক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। ফলত নতুন আবকাৰী নীতি প্ৰৱৰ্তনৰ মাত্ৰ ৮ মাহৰ পিছতেই প্ৰত্যাহাৰ কৰা হয়।
দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ বিনয় কুমাৰ ছাক্সেনাই দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি তদানীন্তন আপ চৰকাৰৰ নতুন নীতি সন্দৰ্ভত চি বি আইৰ তদন্তৰ পৰামৰ্শ আগবঢ়ায়। সেই পৰামৰ্শৰ ওপৰত চি বি আয়ে তদন্ত আৰম্ভ কৰে। উক্ত গোচৰত কেজৰিৱাল আৰু ছিছোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল। পিছত জামিনত মুকলি কৰি দিয়া হয় দুয়োজনকে। ই ডিয়ে এই গোচৰৰ তদন্ত কৰে। যদিও কেজৰিৱালে জামিন পাইছিল, তথাপিও দিল্লীৰ নিম্ন আদালতত গোচৰ চলি আছিল।
যোৱা শুকুৰবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে কেজৰিৱালক আবকাৰী দুৰ্নীতিৰ গোচৰৰ পৰা মুক্ত কৰে। কেজৰিৱালৰ গোচৰত আদালতে পৰ্যবেক্ষণ কৰে যে গুৰুতৰ অভিযোগৰ বাবে শক্তিশালী প্ৰমাণৰ প্ৰয়োজন। কিন্তু তদন্তকাৰী সংস্থা চি বি আয়ে তেনে কোনো প্ৰমাণ দাখিল কৰিব নোৱাৰিলে। আবকাৰী দুৰ্নীতিৰ গোচৰৰ মূল ষড়যন্ত্ৰকাৰী কেজৰিৱাল বুলি চি বি আয়ে অভিযোগ উত্থাপন কৰিছিল। কিন্তু সেই অভিযোগৰ ক্ষেত্ৰত চি বি আয়ে সিমান শক্তিশালী প্ৰমাণ দাখিল কৰাত ব্যৰ্থ হ’ল। মণীষ ছিছোদিয়াৰ গোচৰত আদালতে পৰ্যবেক্ষণ কৰে যে চি বি আয়ে ছিছোদিয়াৰ কোনো ধৰণৰ অপৰাধমূলক আচৰণৰ ইংগিত দিব পৰা কোনো প্ৰমাণ দাখিল কৰা নাই। আন অভিযুক্তক দোষমুক্ত কৰাৰ সময়ত প্ৰায় নিম্ন আদালতৰ ন্যায়াধীশ জিতেন্দ্ৰ সিঙেও একেধৰণৰ পৰ্যবেক্ষণ কৰে। কিন্তু দিল্লীৰ নিম্ন আদালতৰ নিৰ্দেশত সুখী নহ’ল তদন্তকাৰী সংস্থা চি বি আই। সেয়ে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰে।










