
ইৰাণ-আমেৰিকা যুদ্ধ (Iran-America war)ৰ পৰিপ্ৰেক্ষিতত সষ্টম হৈছে ভাৰত। দেওবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi)য়ে নিৰাপত্তা বিষয়ক কেবিনেট কমিটীৰ বৈঠক আহ্বান (Cabinet committee meeting convened) কৰে। চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে সংবাদ সংস্থা পি টি আয়ে। এই বৈঠকত যুদ্ধৰ সময়ত পশ্চিম এছিয়াৰ বিভিন্ন দেশত আবদ্ধ হৈ থকা ভাৰতীয়সকলক নিৰাপদে উদ্ধাৰ কৰাৰ বিষয়ে আলোচনা হ’ব পাৰে বুলি প্রতিবেদনত দাবী কৰা হৈছে৷
গুজৰাট, ৰাজস্থান, পুডুচেৰী আৰু তামিলনাডুৰ দুদিনীয়া ভ্ৰমণৰ অন্তত দেওবাৰে নিশা দিল্লীলৈ উভতিছে প্ৰধানমন্ত্ৰী। প্রথমে খবৰ পোৱা গৈছে যে দিল্লীলৈ উভতিয়ে মোদীয়ে মন্ত্ৰীসভাৰ নিৰাপত্তা কমিটীৰ বৈঠকত অংশ লয়৷ দেওবাৰে নিশা অনুষ্ঠিত বৈঠকত আবদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ পৰিকল্পনা চূড়ান্ত হোৱা বুলি সূত্ৰই দাবী কৰিছে।

ইৰাণ আৰু ওমানৰ মাজৰ সংকীৰ্ণ জলপথ হৰমুজ জলদ্বীপৰ নিৰাপত্তাৰ বাবেও নতুন দিল্লী চিন্তিত। বিশ্বৰ মুঠ ৰপ্তানিযোগ্য তেলৰ এক পঞ্চমাংশ এই পথেৰে ৰপ্তানি কৰা হয়। আৰু যুদ্ধ আৰম্ভ হোৱাৰ পিছত তেহৰানে এই পথেৰে মালবাহী জাহাজৰ চলাচল বন্ধ কৰি দিছে।
ইয়াৰ উপৰি ভাৰতে নিজৰ ঘৰুৱা শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আন দেশৰ পৰা ৮০ শতাংশ তেল আমদানি কৰে। ভাৰতে পশ্চিম এছিয়াৰ দেশৰ পৰা তেল ক্ৰয় কৰে। এনে পৰিস্থিতিত নতুন দিল্লীয়ে পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধিৰ আশংকা কৰিছে। এনে পৰিস্থিতিত দেওবাৰে নিশাৰ বৈঠকত বিকল্প উপায়ৰ বিষয়েও আলোচনা হয়।










