
ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনি আমেৰিকা আৰু ইজৰাইলৰ যৌথ বিমান আক্ৰমণত নিহত হোৱা বুলি তেহৰানে নিশ্চিত কৰিছে। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, সমগ্ৰ দেশতে ৪০ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে।

ইয়াৰ পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে খামেইনিৰ মৃত্যুৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও ছ’চিয়েল মিডিয়াত একেই কথা ঘোষণা কৰে।
কিন্তু ইৰাণে এই খবৰ বাৰে বাৰে অস্বীকাৰ কৰি আহিছে। তেওঁলোকৰ নেতা অক্ষত আৰু নিৰাপদ বুলি দাবী কৰে। ইয়াৰ পিছত দেওবাৰে পুৱা ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমেও খামেইনিইৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে।
যৌথ বাহিনীৰ এই আক্ৰমণক তেহৰানে কাপুৰুষালি বুলি অভিহিত কৰিছে। ইৰাণৰ সশস্ত্ৰ বাহিনী ৰিভল্যুচনেৰী গাৰ্ডেও খামেইননিৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁলোকে লিখিছে, “আমি এজন মহান নেতাক হেৰুৱাইছো। তেওঁ আছিল অনন্য।”










