
ইৰানত ইজৰাইলৰ ক্ষেপণাস্ত্ৰ (Israel attack on Iran) আক্ৰমণ। শনিবাৰে ৰাজধানী তেহৰানত ইটোৰ পিছত সিটোকৈ কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা যায়। দেশখনৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ৰাজধানীৰ বহু ঠাইত সতর্কতামূলক চাইৰেন বাজিবলৈ আৰম্ভ হৈছে।

নাগৰিকসকলক নিৰাপদ ঠাইলৈ আঁতৰি যাবলৈ বার্তা প্ৰেৰণ কৰা হৈছে। এই আক্ৰমণৰ পিছতেই ইজৰাইলৰ প্ৰতিৰক্ষামন্ত্রী ইজৰাইল কাৰ্টজে দাবী কৰিছে, তেওঁলোকৰ দেশত আক্ৰমণৰ আশঙ্কা কৰা হৈছিল।
নিজৰ আত্মৰক্ষাৰ বাবে এই আক্ৰমণ চলোৱা হৈছে। সতর্কতা জাৰি কৰা হৈছে ইজৰাইলৰ ৰাজধানী টেল আভিভতো। স্থানীয় সংবাদ মাধ্যমসমূহে দাবী কৰিছে, অন্ততঃ তিনিৰ পৰা চাৰিটা বিস্ফোৰণৰ শব্দ তেহৰানত শুনা গৈছে।











