
বিয়াৰ প্ৰতিশ্ৰুতি দি মাতি লৈ গৈছিল প্ৰেমিকে। কিন্তু অভিযোগ, এক নিৰ্জন ঠাইলৈ লৈ গৈ যুৱতীগৰাকীক ধৰ্ষণ (Rape) কৰে। তাৰ পাছত যুৱকজেনে তেওঁক তাতে এৰি পলায়ন কৰে। তাৰ পৰা কিবা প্ৰকাৰে নিৰ্যাতিতাই মূল ৰাস্তাত উঠি ঘৰলৈ উভতি যাবলৈ বাছৰ বাবে অপেক্ষা কৰি আছিল।

সেই সময়ত ৰাস্তাটোৰে বাইক লৈ গৈ আছিল এগৰাকী অচিনাকি যুৱক। যুৱতীগৰাকীক দেখি তেওঁক ঘৰত থৈ অহাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু অভিযোগ অনুসৰি, যুৱকজনে যুৱতীগৰাকীক তেওঁৰ ঘৰলৈ নিয়াৰ পৰিৱৰ্তে নিজৰ ঘৰলৈহে লৈ যায়।
তাৰ পিছত তাত তেওঁক ধৰ্ষণ কৰে। যুৱতীগৰাকীয়ে প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰাত তেওঁক পঞ্চম মহলাৰ ছাদৰ পৰা ঠেলি তললৈ পেলাই দিয়ে। পিছদিনা পুৱা স্থানীয় লোকে ছোৱালীজনীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
আৰক্ষী আহি মৃতদেহটো উদ্ধাৰ কৰে। ঘটনাটো ওড়িশাৰ জগৎসিংপুৰত সংঘটিত হৈছে। আৰক্ষীয়ে ইতিমধ্যে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
জগতসিংহপুৰৰ আৰক্ষী অধীক্ষক অঙ্কিত কুমাৰ বর্মাই জানিবলৈ দিয়া মতে, যোৱা ২২ ফেব্ৰুৱাৰীত এগৰাকী যুৱতী ঘৰ এৰি গৈছিল।
প্ৰেমিকৰ সৈতে তেওঁ পলাই যোৱাৰ পৰিকল্পনা কৰিছিল। সেই অনুযায়ী প্ৰেমিকে তেওঁক এটা মন্দিৰৰ ওচৰলৈ যাবলৈ কয়। তাত তেওঁলোকৰ বিয়া হোৱাৰ কথা আছিল। যুৱতীগৰাকী মন্দিৰত গৈ উপস্থিত হয়। তাত পূৰ্বৰে পৰা তেওঁৰ প্ৰেমিকে অপেক্ষা কৰি আছিল।
কিন্তু যুৱতীগৰাকীক বিয়া নাপাতি তেওঁক এক নিৰ্জন ঠাইলৈ লৈ যায়। তাত তেওঁক ধৰ্ষণ কৰে। তাৰ পিছত ৰাহামা বাছষ্টেণ্ডৰ কাষত পেলাই থৈ পলায়ন কৰে। তাত যুৱতীগৰাকীয়ে বাছৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে ঝাৰখণ্ডৰ এজন যুৱক উক্ত পথেৰে পাৰ হৈ গৈ আছিল। তেওঁ পাৰাদ্বীপলৈ গৈ আছিল।
যুৱতীগৰাকীক অসহায় অৱস্থাত দেখি তেওঁক নিজৰ বাইকত তুলি লয়। তাৰ পিছত যুৱতীগৰাকীক তেওঁৰ ভাড়াঘৰৰ পঞ্চম মহলালৈ লৈ যায় আৰু তাতে ধৰ্ষণ কৰা বুলি অভিযোগ। তাৰ পিছত তেওঁক পঞ্চম মহলাৰ পৰা গঁতিয়াই তলত পেলাই দিয়ে।
ইফালে ২২ ফেব্ৰুৱাৰীৰ পৰা যুৱতীগৰাকী নিৰুদ্দেশ হৈ থকাত তেওঁৰ ভাতৃয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।










