
মধ্যপ্ৰদেশৰ উজ্জয়িনীনস্থিত অংকিত সেৱাধাম আশ্ৰমত ১৭ গৰাকী বিশেষভাৱে সক্ষম শিশুৰ মৃত্যুত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বিষয়টো পোহৰলৈ অহাৰ লগে লগে ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ ইন্দোৰ বিচাৰপীঠে নিজা উদ্যোগত জৰুৰী ভিত্তিত হস্তক্ষেপ কৰে। এই ঘটনাৰ আঁৰৰ কাৰণ জানিবলৈ আদালতে দুসপ্তাহৰ ভিতৰত ৰাজ্যৰ পৰা সঁহাৰি বিচাৰিছে।

সূত্ৰ অনুসৰি, এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব, প্ৰধান সচিব, মহিলা আৰু শিশু কল্যাণ বিভাগৰ আয়ুক্ত, উজ্জয়িনীনৰ জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক, জিলা শিশু আৰু মহিলা কল্যাণ বিষয়া আৰু সেৱাধাম আশ্ৰম কৰ্তৃপক্ষলৈ জাননী জাৰি কৰা হৈছে। সূত্ৰ অনুসৰি, ২০২৫ চনৰ ২৫ ডিচেম্বৰত ইন্দোৰৰ যোগপুৰুষ আশ্ৰমৰ পৰা উজ্জয়িনীনৰ সেৱাধাম অংকিত আশ্ৰমলৈ অনা হৈছিল ৮৬ গৰাকী বিশেষভাৱে সক্ষম শিশু।
এই আশ্ৰমৰ পৰা উজ্জয়িনীন চহৰলৈ দূৰত্ব ২২ কিলোমিটাৰ। সূত্ৰ অনুসৰি, যোৱা ১৪ মাহত সেই ৮৬ টা শিশুৰ ভিতৰত ১৭ টা শিশুৰ মৃত্যু হৈছে। সিহঁতৰ বয়স ১০ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰত। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।
কিন্তু বাৰে বাৰে হোৱা মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে জৰুৰী ভিত্তিত এই গোচৰত হস্তক্ষেপ কৰে। ইয়াত এই গোচৰটোক জনস্বাৰ্থ জড়িত গোচৰ হিচাপে গণ্য কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে, ইন্দোৰৰ যোগপুৰুষ আশ্ৰমত ১০টা শিশুৰ মৃত্যু হয়। অসুস্থ হৈ পৰে ৬০ জন লোক।
২০২৫ চনত যেতিয়া যোগগপুৰুষ আশ্ৰমত শিশু মৃত্যুৰ ঘটনা সংঘটিত হৈছিল, তেতিয়া আশীষ সিং ইন্দোৰৰ জিলা দণ্ডাধীশ আছিল। শিশু মৃত্যুৰ ঘটনা চলি থকাৰ সময়ত ইন্দোৰৰ তদানীন্তন জিলা দণ্ডাধীশে দাবী কৰে যে তেওঁ ৮৬টা বিশেষভাৱে সক্ষম শিশুক সেৱাধাম আশ্ৰমলৈ বদলি কৰাৰ নিৰ্দেশ দিছিল। তেওঁৰ এই কাৰ্যৰ ওপৰতো এতিয়া তদন্ত চলি আছে।
চৰক ভৱন চিকিৎসালয়ৰ চিকিৎসক ডাঃ চিন্ময় চিঞ্চোলেকাৰে চিকিৎসাৰ বাবে অনা শিশুসকলৰ অৱস্থা অতি শোচনীয় আছিল বুলি জানিবলৈ দিয়ে। তেওঁ দাবী কৰে যে বহুতকে মৃত অৱস্থাত অনা হৈছিল। কিছুমানৰ অৱস্থা সংকটজনক আছিল। চিকিৎসাৰ সময়তে একাংশৰ মৃত্যু হয়। মৃত্যুৰ অধিকাংশই গুৰুতৰ ৰক্তহীনতাৰ বাবে আছিল।











