
পিতৃ অটোচালক। সেই অটোচালকৰ কন্যাৰ নামত এটা বেংক একাউণ্ট খোলা হৈছিল। ইয়াৰ পিছত সেই একাউণ্টৰ পৰা ২.৬ কোটি টকাৰ অবৈধ লেনদেন (Online Fraud) কৰা হয়। সকলোবোৰ তেওঁৰ অজ্ঞাতে হয়।

নিধি তিৱাৰী নামৰ এগৰাকী যুৱতীয়ে থানেৰ এখন থানালৈ গৈ এই অভিযোগ উত্থাপন কৰে। নিধিয়ে কল্যাণৰ এখন মহাবিদ্যালয়ত বিজ্ঞান শাখাত স্নাতকোত্তৰ পঢ়ি আছে। তেওঁৰ একাউণ্টৰ পৰা কোটি কোটি টকাৰ অবৈধ লেনদেন কৰা হৈছিল বুলি অভিযোগ কৰে ছাত্ৰীগৰাকীয়ে। ইয়াৰ আঁৰত উত্তৰাখণ্ডৰ এটা দল আছে।
নিধিয়ে থানাত অভিযোগ দিয়ে যে তেওঁৰ বন্ধু এজনে একাউণ্ট খোলাত তেওঁক সহায় কৰিছিল। সেই বন্ধুজনে ব্যক্তিগত বেংকত কাম কৰে। আনকি নিজৰ পকেটৰ টকাৰে নিধিৰ বাবে বেংকত একাউণ্ট খুলি দিছিল। নিধিয়ে অভিযোগ কৰে যে তেওঁ ক্ৰমান্বয়ে গম পাইছিল যে বিভিন্ন বেংকৰ বিভিন্ন শাখাত তেওঁৰ নামত একাউণ্ট খোলা হৈছে।
এটা একাউণ্টত ১০ লাখতকৈ অধিক টকাৰ লেনদেন কৰা হৈছিল। তেওঁৰ নামত থকা সকলো একাউণ্টৰ পৰা প্ৰায় ২.৬ কোটি টকাৰ লেনদেন হৈছিল। তেওঁ বন্ধুৰ লগত যোগাযোগ কৰি বিষয়টোৰ বিষয়ে অৱগত কৰে। তেতিয়া তেওঁক আশ্বাস দিয়ে যে কোনো ক্ষতি নহয়।
কিন্তু কিছুদিন পিছত তেওঁ গম পায় যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তেওঁৰ নামত থকা কেইবাটাও একাউণ্ট জব্দ কৰিছে। উত্তৰাখণ্ডৰ চাইবাৰ অপৰাধৰ তদন্তৰ সময়তে কেন্দ্ৰীয় সংস্থাটোৱে এই পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ থানালৈ যায়। পৰিদৰ্শক গণেশ জাৱাৰৱাৰে কয় যে এই অভিযোগৰ তদন্ত অব্যাহত আছে।











