
পূৰ্বানুমান অনুসৰিয়ে এইবাৰ দিল্লী আবকাৰী নীতি গোচৰ (Delhi Excise Policy Case)ত নিম্ন আদালতৰ (Lower court) ৰায়ক প্ৰত্যাহ্বান জনাই দিল্লী হাইকোর্ট (Delhi High Court)ৰ দ্বাৰস্থ হ’ল চিবিআই (Approached CBI)। তদন্তকাৰী সংস্থাটোৰ এক সূত্রই সংবাদ সংস্থা পি টি আইক জনোৱা অনুসৰি, নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত লোৱা হৈছে। বিষয়াগৰাকীয়ে জনোৱা মতে, চিবিআইৰ অনুভৱ যে এই গোচৰটোত হয় কিছু দিশ উপেক্ষা কৰা হৈছে, নহ’লে পর্যাপ্তভাৱে বিবেচনা কৰা হোৱা নাই।

উল্লেখযোগ্য যে শুকুৰবাৰে দিল্লীৰ আদালতে আবকাৰী দুর্নীতিৰ গোচৰৰ পৰা দিল্লীৰ প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰীৱাল, প্রাক্তন উপ-মুখ্যমন্ত্রী মণীশ ছিছোদিয়াসহ ২১ জনক অব্যাহতি দিছে। উক্ত ৰায়ক লৈ ইতিমধ্যেই ৰাজনৈতিক বতাহ গৰম হৈ উঠিছে। তাৰ মাজতে চিবিআয়ে এই নির্দেশক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ত আবেদন কৰিছে।











