
বায়ুসেনাৰ ইউনিফৰ্ম পৰিধান (Wearing an Air Force uniform) কৰি হেলিকপ্টাৰত উঠিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (President Droupadi Murmu)। তেওঁ সহ-পাইলটৰ আসনত (In co-pilot’s seat) বহে। ৰাফেল যুদ্ধ বিমানৰ পাছত দেশৰ প্ৰথম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু বায়ুসেনাৰ লাইট কম্বেট হেলিকপ্টাৰ (Light combat helicopter) (এল চি এইচ) ‘প্ৰচণ্ড’ত উঠে। শুকুৰবাৰে ভাৰত-পাক সীমান্তৰ ৰাজস্থানৰ জয়ছালমেৰ বায়ুসেনা ঘাটিলৈ যায়। তাৰ পৰাই ৰাষ্ট্ৰপতিয়ে ‘প্ৰচণ্ড’ হেলিকপ্টাৰত উঠে। বৃহস্পতিবাৰে ৰাজস্থানত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী। তেওঁ দুদিনীয়া ভ্ৰমণত আছে। শুকুৰবাৰে পোখৰাণৰ ফিল্ড ফায়াৰিং ৰেঞ্জত ‘বায়ু শক্তি ২০২৬’ৰ প্ৰদৰ্শনীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰপতি। তাৰ পূৰ্ব লাইট কম্বেট হেলিকপ্টাৰত উঠে। জয়ছালমেৰ বিমান ঘাটিত ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায় এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে।
২৫ মিনিটৰ এই বিমান যাত্ৰাত ৰাষ্ট্ৰপতিগৰাকীয়ে জয়ছালমেৰ চহৰৰ লগতে তাৰ আশে-পাশে থকা অঞ্চলসমূহ পৰিদৰ্শন কৰে। সেনাৰ হেলিকপ্টাৰত উঠাৰ আগতে বায়ুসেনাৰ বিষয়াসকলে তেওঁক সকলো কথা বুজাই দিয়ে। ককপিটত বহি তেওঁ আত্মনিৰ্ভৰশীলতাৰ বাৰ্তা দিয়ে। ৰাষ্ট্ৰপতিয়ে কয়, ‘এই শক্তিশালী হেলিকপ্টাৰখন দেশৰ আত্মনিৰ্ভৰশীলতাৰ এক শক্তিশালী প্ৰতীক। এই সময়ত মই জয়ছালমেৰ ভ্ৰমণ কৰি আছোঁ। আমাৰ জোৱানসকলক কৃতজ্ঞতা আৰু শুভেচ্ছা জনাইছোঁ।”

ইয়াৰ পূৰ্বে যোৱা বছৰৰ অক্টোবৰ মাহত হাৰিয়ানাৰ আম্বালা বিমান ঘাটিৰ পৰা ৰাফেল যুদ্ধ বিমানত উঠিছিল মুৰ্মু। উল্লেখ্য যে ৰাষ্ট্ৰপতি ভাৰতীয় সশস্ত্ৰ বাহিনীৰ পদমৰ্মে মুখ্য সেনাধ্যক্ষ। ইয়াৰ পূৰ্বে ২০২৩ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰপতি মুৰ্মুৱে অসমৰ তেজপুৰ বায়ুসেনা ঘাটিৰ পৰা সুখয়-৩০ এম কে আই যুদ্ধ বিমানত উঠিছিল। তাৰ আগতে মুৰ্মুৰ পূৰ্বে দুই ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম আৰু প্ৰতিভা পাটিল উক্ত যুদ্ধ বিমানত উঠিছিল। অৱশ্যে ৰাফেল বিমান চলোৱা দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয় মুৰ্মু। এইবাৰ তেওঁ লাইট কম্বেট হেলিকপ্টাৰ ‘প্ৰচণ্ড’ত উঠা দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয়।
উল্লেখ্য যে ‘প্ৰচণ্ড’ হৈছে সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত এখন সামৰিক হেলিকপ্টাৰ। ইয়াক হিন্দুস্তান এৰ’নটিক্স লিমিটেডে (HAL) নিৰ্মাণ কৰিছে। পাহাৰীয়া অঞ্চলত ই কাম কৰিব পাৰে। এই হেলিকপ্টাৰখনে ৬৫০০ মিটাৰ পৰ্যন্ত উৰণ কৰিব পাৰে। ইয়াৰ ওজন ৫৮০০ কিলোগ্ৰাম। ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ২৬৮ কিলোমিটাৰ। ইয়াত ২০ মিঃমিঃ কামান, ৭০ মিঃমিঃ ৰকেট, টেংক ধ্বংস কৰা হেলিনা মিছাইল আছে। এই হেলিকপ্টাৰখনে শত্ৰুৰ ৰাডাৰ এৰাই চলিব পাৰে। ইয়াৰ সহায়ত পাকিস্তান আৰু চীন সীমান্তত শত্ৰুৰ টেংক আৰু বাংকাৰ ধ্বংস কৰিব পাৰি।











