
দিল্লীৰ আবকাৰী দুৰ্নীতিৰ (Delhi Exercise Scam) গোচৰত দোষমুক্ত হ’ল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া। একেদৰে আন ২১ জনক এই গোচৰত দোষমুক্ত কৰা হৈছে। শুকুৰবাৰে দিল্লীৰ নিম্ন আদালতে কয় যে চি বি আয়ে এই অভিযোগৰ সমৰ্থনত পৰ্যাপ্ত প্ৰমাণ প্ৰদান কৰাত ব্যৰ্থ হৈছে।

আম আদমি পাৰ্টীৰ মুৰব্বী কেজৰিৱালৰ গোচৰত আদালতে পৰ্যবেক্ষণ কৰে যে গুৰুতৰ অভিযোগৰ বাবে শক্তিশালী প্ৰমাণৰ প্ৰয়োজন। কিন্তু তদন্তকাৰী সংস্থা চি বি আয়ে তেনে কোনো প্ৰমাণ দাখিল কৰিব নোৱাৰিলে।
আবকাৰী দুৰ্নীতিৰ গোচৰৰ মূল ষড়যন্ত্ৰকাৰী কেজৰিৱাল বুলি চি বি আয়ে অভিযোগ উত্থাপন কৰিছিল। শুকুৰবাৰে নিম্ন আদালতৰ ন্যায়াধীশ জিতেন্দ্ৰ সিঙে চি বি আইক কয়, “অভিযোগৰ সমৰ্থনত প্ৰমাণ দাখিল নকৰাৰ ফলত চৰকাৰী প্ৰতিষ্ঠানৰ প্ৰতি মানুহৰ আস্থা ক্ষয় হয়।”
ছিছ’দিয়াক গোচৰৰ পৰা মুকলি কৰি দিয়াৰ সময়ত আদালতে পৰ্যবেক্ষণ কৰে যে চি বি আয়ে তেওঁৰ ফালৰ পৰা কোনো অপৰাধমূলক আচৰণৰ ইংগিত দিব পৰা কোনো প্ৰমাণ দাখিল কৰা নাই। আদালতে কয় যে তদন্তকাৰী সংস্থাটোৱে উত্থাপন কৰা ষড়যন্ত্ৰ তত্ত্বটো বৈপৰীত্যৰে ভৰা।










