ছাইদুল ইছলাম, ডিফু
৪৬ সংখ্যক বৰ্ণাঢ্য কাৰবি যুৱ মহোৎসৱৰ লগত সংগতি ৰাখি তাৰালাংচৰ সাংস্কৃতিক প্ৰকল্পৰ ছেমছনছিং আচেথাই (মঞ্চত) কালি অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা সমূহৰ অন্যতম উঠি অহা প্ৰজন্মৰ জনপ্ৰিয় নেছনেল বীট কনটেষ্ট প্ৰতিযোগিতা ৷

কাৰবি কালছাৰেল ছ’চাইটিৰ উদ্যোগত আয়োজিত নেছনেল বীট কনটেষ্টৰ আৰম্ভনিতে জিলা আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষক ক্ৰমে দেৱজিৎ দেউৰী আৰু নাহিদ কৰিশ্মা, আচাম টাইমচ পষ্টৰ সম্পাদক কামৰুল খান, ডিফু পৌৰ নিগমৰ কাৰ্যবাহী অভিযন্তা নিপু চৰণ দত্তক উদ্যোক্তা সকলে অভিনন্দন জনায় ৷
প্ৰায় ৫ সহস্ৰাধিক দৰ্শকৰ হৰ্ষোল্লাহৰ মীজত বীট কণ্টেষ্টৰ অাৰম্ভণি প্ৰতিযোগিতা আগবঢ়ায় নাগালেণ্ডৰ ‘ছিন্স ১৯’ বীট ৰক্ গ্ৰুপে ৷ সাংসদ হৰেণছিং বে’ই বীট কনটেষ্টত অংশ গ্ৰহণ শিল্পী দল , উদ্যোক্তা আৰু দৰ্শক সকলক অভিনন্দন জ্যাপন কৰে ৷ নেছনেল বীট কনটেষ্টত আছাম টামছ পষ্টৰ উপৰি ভিজন নৰ্থ ইষ্ট টিভি, ড্ৰংগ এক্সপ্ৰেছ,ইনছাইড এন ই আৰু থেকাৰ কাকত মেডিয়া পাৰ্টনাৰ হিচাপে থাকে ৷













