
১ এপ্ৰিলৰ পৰা সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ২০ শতাংশ ইথানল আৰু ন্যূনতম ‘ৰিচাৰ্জ অক্টেন নম্বৰ (আৰ অ’ এন) ৯৫’যুক্ত পেট্ৰ’ল (Petrol) বিক্ৰী কৰাটো বাধ্যতামূলক কৰা হৈছে।

কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰি কয়, “তেল কোম্পানীয়ে ব্যুৰো অব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে নিৰ্ধাৰণ কৰা মানদণ্ড অনুসৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ২০ শতাংশ পৰ্যন্ত ইথানলৰ সৈতে মিহলি কৰা মটৰ স্পিৰিট (পেট্ৰ’ল) বিক্ৰী কৰিব লাগিব আৰু ইয়াৰ নূন্যতম আৰ অ’ এন (RON) হ’ব ৯৫।”
কেন্দ্ৰীয় চৰকাৰে বিশেষ পৰিস্থিতিত, নিৰ্দিষ্ট অঞ্চলৰ বাবে আৰু সীমিত সময়ৰ বাবে এই ক্ষেত্ৰত কিছু ৰেহাইৰ অনুমতি দিব পাৰে বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। ইথানল মাকৈ, কুঁহিয়াৰ বা আন শস্যৰ পৰা তৈয়াৰ কৰা হয়। ই নবীকৰণযোগ্য, থলুৱাভাৱে উৎপাদিত আৰু বিশুদ্ধ পেট্ৰ’লৰ তুলনাত কম প্ৰদূষণকাৰী ইন্ধন বুলি দাবী কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে।
তেল আমদানি হ্ৰাস কৰাৰ উপৰি প্ৰদূষণ হ্ৰাস কৰিবলৈ পেট্ৰ’লত ইথানল মিহলাই দিয়াটো বাধ্যতামূলক কৰা বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে আৰু এনে পদক্ষেপে কৃষকসকলক সহায় কৰে। কাৰণ ই মাকৈ, কুঁহিয়াৰ আৰু কৃষিজাত উদ্বৃত্তৰ চাহিদা বৃদ্ধি কৰে।
নূন্যতম RON95-ৰ ওপৰত গুৰুত্ব দিয়া হৈছে ইঞ্জিনৰ ক্ষতি ৰোধ কৰিবলৈ। আৰ অ’ এন হৈছে ইঞ্জিনত ইন্ধনৰ ন’কিং (প্ৰাক-জ্বলন) প্ৰতিৰোধ ক্ষমতাৰ পৰিমাপ। ইঞ্জিনৰ ভিতৰত ইন্ধন অসমানভাৱে জ্বলিলে অত্যধিক শব্দ, শক্তি হেৰুওৱা আৰু সময়ৰ লগে লগে ইঞ্জিনৰ ক্ষতি হ’লে ন’কিং হয়। আৰ অ’ এন যিমানেই বেছি হ’ব সিমানেই ইন্ধন ‘ন’ক’ কৰিবলৈ প্ৰতিৰোধী হ’ব।
সহজ ভাষাত ক’বলৈ গ’লে অক্টেন হৈছে ইন্ধনৰ ‘চাপৰ অধীনত আত্মনিয়ন্ত্ৰণ’। উচ্চ আৰ অ’ এন মানে উচ্চ সংকোচনৰ অধীনত ইন্ধন সুস্থিৰ হৈ থাকে। ইথানলৰ প্ৰাকৃতিকভাৱে উচ্চ অক্টেন মান প্ৰায় ১০৮। পেট্ৰ’লত ২০ শতাংশ ইথানল মিহলাই দিলে ন’কিং প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।
প্ৰদূষণ আৰু তেল আমদানিৰ ব্যয় হ্ৰাস কৰিবলৈ ভাৰতেও আমেৰিকা, ব্ৰাজিলকে ধৰি আন বহু দেশৰ দৰে ২০২২ চনৰ পৰা পেট্ৰ’লত ইথানলৰ অংশ বৃদ্ধিৰ পথত খোজ দিবলৈ আৰম্ভ কৰিছে। এইবাৰ ১০ শতাংশৰ পৰা ২০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। খাদ্য মন্ত্ৰালয়ে দাবী কৰিছে যে ৬০ লাখ টনতকৈ অধিক উদ্বৃত্ত চেনি ইথানল প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হ’ব।
ফলত চেনিৰ মূল্য হ্ৰাস পোৱাৰ আশংকা হ্ৰাস পাব। ১ কোটি ৬৫ লাখ টন শস্য ব্যৱহাৰ হোৱাৰ বাবে কৃষকসকল উপকৃত হ’ব। তদুপৰি ইয়াৰ জৰিয়তে ৪০ হাজাৰ কোটি টকাৰ বিনিয়োগ আৰু বৃহৎ চাকৰিৰ সুযোগ মুকলি হ’ব। তেল আমদানিৰ ব্যয় বছৰি প্ৰায় ৫০ হাজাৰ কোটি টকা হ্ৰাস পাব।
২০২৬-২৭ চনৰ ভিতৰত সম্পূৰ্ণ ই-২০ আনিবলৈ বছৰি প্ৰয়োজন হ’বলগীয়া ১০ বিলিয়ন লিটাৰতকৈ অধিক ইথানলৰ আধাৰ উৎস হ’ব মাকৈ। কিন্তু প্ৰশ্ন উত্থাপন হৈছে, তেল আমদানিৰ খৰচ কমিলেও ইথানল মিহলি কৰা ইন্ধনৰ বাবে ক্ৰেতাই কিয় অধিক মূল্য দিব? কিয় হ্ৰাস নহ’ব তেলৰ দাম? ইয়াৰ কোনো উত্তৰ দিয়া নাই কেন্দ্ৰই। এতিয়া পেট্ৰ’লৰ সৈতে মিহলি কৰা ১০ শতাংশ ইথানল চলি থকা বাহনত ব্যৱহাৰ কৰিব পৰা যাব।
১ এপ্ৰিলৰ দিশে লক্ষ্য ৰাখি পেট্ৰ’লিয়াম মন্ত্ৰালয়ে কয় যে ইতিমধ্যে ই-২০ ইন্ধনৰ বাবে উপযোগী উপাদান থকা নতুন বাহনৰ উৎপাদন আৰম্ভ হৈছে। ২০২৬ চনৰ এপ্ৰিল মাহৰ পৰা সকলো নতুন বাহনৰ ইঞ্জিন ই-২০ ব্যৱহাৰ যোগ্য হ’ব।










