
ইজৰাইলৰ সংসদ নেচেটত বুধবাৰে দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Modi Visit Israel) কয় যে গাজাত শান্তি অনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাক ভাৰতে সমৰ্থন কৰিব। তেওঁ কয়, “শান্তিৰ পথ সহজ নহয়। কিন্তু ভাৰতে অঞ্চলটোত শান্তি অনাৰ প্ৰচেষ্টাক সমৰ্থন কৰে। দীৰ্ঘম্যাদী শান্তি আন্তৰ্জাতিক আলোচনাৰ জৰিয়তেহে লাভ কৰিব পৰা যায়।”

একে সময়তে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাষত থিয় হৈ তেওঁ ঘোষণা কৰে, “ইজৰাইলৰ দৰে ভাৰতেও সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ‘শূন্য সহনশীল’ নীতি পালন কৰে। যদি ক’ৰবাত সন্ত্ৰাসবাদ হয়, তেন্তে সকলোতে শান্তি বিঘ্নিত হয়।”
ভাৰত-ইজৰাইলৰ কৌশলগত সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ ব্যতিক্ৰমী অৱদানৰ স্বীকৃতি স্বৰূপে বুধবাৰে প্ৰধানমন্ত্ৰী মোদীক ‘স্পীকাৰ অব দ্য নেচেট মেডেল’ প্ৰদান কৰা হয়। বুধবাৰে মোদীৰ ভাষণৰ পিছত নেচেটৰ অধ্যক্ষ আমিৰ ওহানাই তেওঁক এই বঁটা প্ৰদান কৰে।
‘স্পীকাৰ অব দ্য নেচেট মেডেল’ লাভ কৰা প্ৰথমজন ভাৰতীয় নেতা মোদী। ইয়াৰ পূৰ্বে ২০১৮ চনত মোদীয়ে পেলেষ্টাইনৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ‘গ্ৰেণ্ড কলাৰ অব দ্য ষ্টেট অব পেলেষ্টাইন’ লাভ কৰিছিল।
বুধবাৰে প্ৰধানমন্ত্ৰীৰ ইজৰাইল ভ্ৰমণৰ সময়ত নেতানিয়াহুক সাক্ষাৎ কৰে মোদীয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, গাজাৰ বিষয়টোও তাত উত্থাপন হৈছে। ইতিমধ্যে ভূমধ্যসাগৰীয় উপকূলৰ পেলেষ্টাইন ভূখণ্ডত শান্তি ঘূৰাই অনাৰ বাবে পৰ্যবেক্ষক হিচাপে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শান্তি ব’ৰ্ডৰ বৈঠকত যোগদান কৰিছে ভাৰতে।
নেচেটত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে গাজাত শান্তিৰ পদক্ষেপক সমৰ্থন কৰাৰ উপৰি ২০২৩ চনৰ ৭ অক্টোবৰত পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ আক্ৰমণকো গৰিহণা দিয়ে। ইয়াৰ পিছতে তেওঁ মুম্বাইত ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়টো উত্থাপন কৰে।
দক্ষিণ মুম্বাইৰ নৰিমান হাউছত (চাবাদ হাউছ বুলিও জনা যায়) ভাৰতীয়ৰ সৈতে আক্ৰমণত পাকিস্তানী সন্ত্ৰাসবাদীয়ে কেনেকৈ ছয় ইজৰাইলী ইহুদীক হত্যা কৰিছিল, সেই প্ৰসঙ্গটোও তেওঁৰ বক্তৃতাত উল্লেখ কৰে।











