
কাছাৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তি (Nehru Statue) ভাঙি লণ্ডভণ্ড কৰিলে দুষ্কৃতিকাৰীয়ে। বুধবাৰে সংঘটিত ঘটনাটো পোহৰলৈ অহাৰ পাছতে কংগ্ৰেছে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বিজেপি বিধায়ক এই প্ৰতিমূৰ্তি ভাঙি পেলোৱা কাৰ্যত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে।

আনহাতে, বিষয়টো সন্দৰ্ভত চৰকাৰৰ নীৰৱতাক সমালোচনা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে আজিৰ আধুনিক ভাৰতৰ পটভূমিত মূল ভূমিকা গ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামীগৰাকীৰ উত্তৰাধিকাৰীসকলক প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ ফলত অপমান কৰা হৈছে। লগতে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈও দাবী তেওঁ জনায়। তেওঁ কয় যে ৰাজনৈতিক মতাদৰ্শৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু গণতন্ত্ৰৰ ইতিহাসক অনৈতিকভাৱে মচি পেলোৱাৰ প্ৰচেষ্টা কেতিয়াও গ্ৰহণযোগ্য নহয়।
তেওঁ লগতে কয়, ভাৰত আৰু অসমৰ শক্তি গণতন্ত্ৰ আৰু বহুত্ববাদত নিহিত হৈ আছে। ইয়াক সুৰক্ষিত কৰিব লাগে। ছ’চিয়েল মিডিয়াত অসম প্ৰদেশ কংগ্ৰেছে দাবী কৰে যে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক কৌশিক ৰায়ে এই ঘটনা সংঘটিত কৰিছে।
লক্ষীপুৰ আৰক্ষী থানা এলেকাৰ পাইলাপুল বজাৰ অঞ্চলত মূৰ্তি ভঙাৰ ঘটনাৰ খবৰ পাই শিলচৰৰ কংগ্ৰেছ নেতৃত্ব গৈ উক্ত স্থানত উপস্থিত হোৱাৰ লগতে স্থানীয় আৰক্ষী থানাত এজাহাৰো দাখিল কৰে। লগতে এই ঘটনাৰ আঁৰত থকা সকলোকে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। শিলচৰ জিলা কংগ্ৰেছৰ সভাপতি সজল আচাৰ্যই দাবী কৰে যে নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ মাজত উত্তেজনাৰ সৃষ্টিৰ বাবে এই ঘটনা সংঘটিত হৈছে।
স্থানীয় কেইবাটাও সংগঠনেও এই ঘটনাক গৰিহণা দি দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে যাতে শান্তি বিঘ্নিত নহয় তাৰ বাবে আৰক্ষীয়ে কঠোৰ সতৰ্কতা বজাই ৰাখিবলৈ দাবী উত্থাপন কৰিছে।
আনহাতে, লক্ষীপুৰ আৰক্ষী থানাৰ সূত্ৰৰ পৰা জানিব পৰা মতে, এই পৰ্যন্ত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
বাকীসকলৰ সন্ধানত অভিযান চলি আছে। প্ৰতিমূৰ্তি ভাঙিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোও জব্দ কৰা হৈছে। লক্ষীপুৰ আৰক্ষী থানাৰ এগৰাকী বিষয়াই সংবাদ সংস্থা পি টি আইক জনোৱা মতে, ঘটনাৰ কোনো প্ৰত্যক্ষদৰ্শী নাছিল যদিও চিচিটিভিত বন্দী হৈছে দুষ্কৃতিকাৰীৰ কাৰ্যকলাপ।











