
পিতৃক হত্যাৰ দুদিন পূৰ্বে অভিযুক্ত পুত্ৰ অক্ষত সিঙে অনলাইনযোগে দুখন ছুৰী, এখন কৰত আৰু এটা নীলা ড্ৰামৰ অৰ্ডাৰ দিছিল। উত্তৰ প্ৰদেশ (UP)ৰ লক্ষ্ণৌ (Lucknow)ত ব্যৱসায়ী মানবেন্দ্ৰ সিঙ (Manabandra Singh)ৰ হত্যাকাণ্ড (Murder)ৰ ঘটনাত আৰক্ষীয়ে লাভ কৰিছে নতুন তথ্য। তদন্তকাৰীয়ে জানিব পৰা মতে, ১৯ ফেব্ৰুৱাৰীৰ নিশা এখন বিয়াৰ অনুষ্ঠানৰ পৰা তেওঁলোক আহিছিল। মানবেন্দ্ৰৰ কন্যা কীৰ্তি আৰু পুত্ৰ অক্ষতৰ সৈতে তিনিমহলীয়া ঘৰটোৰ ওপৰৰ মহলাত বাস কৰিছিল। ঘৰৰ দ্বিতীয় মহলাত মানবেন্দ্ৰৰ ভায়েক পৰিয়ালৰ সৈতে থাকে আৰু তলৰ মহলাটো খালী। আলহী আহিলে তাত থকাৰ ব্যৱস্থা কৰা হয়। আৰক্ষীয়ে জানিব পাৰিছে যে মানবেন্দ্ৰৰ হত্যাৰ দুদিন পূৰ্বে অক্ষতে অনলাইনত ছুৰী আৰু কৰত কিনিছিল। নীলা ড্ৰাম এটাও ক্ৰয় কৰে। ইয়াৰ পিছত কোনেও গম নোপোৱাকৈ ঘৰত লুকুৱাই ৰাখে। কেৱল সেয়াই নহয়, অক্ষতে ১০ লিটাৰ কেৰাচিন তেলো কিনিছিল।
তদন্তকাৰীয়ে জনোৱা মতে, ১৯ ফেব্ৰুৱাৰীত অক্ষতৰ পঢ়া-শুনাক লৈ মানবেন্দ্ৰৰ সৈতে কাজিয়া হৈছিল। ইয়াৰ পিছত মানবেন্দ্ৰ শুই গৈছিল। কিন্তু অক্ষত সাৰ পাই আছিল। ২০ ফেব্ৰুৱাৰীৰ পুৱা ৪ বজাত অক্ষতে উলিয়াই আনে মানবেন্দ্ৰৰ অনুজ্ঞাপত্ৰ থকা ৰাইফল। ইয়াৰ পিছত তেওঁ মানবেন্দ্ৰৰ কোঠাত প্ৰৱেশ কৰে। কাষৰ কোঠাটোত ভনীয়েক কীৰ্তি শুই আছিল। কিন্তু বন্দুকৰ গুলীৰ শব্দ শুনি তেওঁ ওলাই আহে। পিতৃৰ কোঠাত সোমাই দেখিলে ককায়েকৰ হাতত ৰাইফল এটা, বিছনাখন তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল। পিতৃ গুলীবিদ্ধ হৈ পৰি আছিল।

যেতিয়া তেওঁ চিঞৰিবলৈ ধৰিলে, তেতিয়া অক্ষতে কীৰ্তিৰ ফালেও বন্দুক টোঁৱালে। কীৰ্তিয়ে তদন্তকাৰীক জনোৱা মতে, তেওঁৰ ককায়েকে পিতৃৰ মৃতদেহটো তললৈ টানি লৈ যায়। গাড়ীৰ ট্ৰাংকত ভৰাবলৈ চেষ্টা কৰে। কিন্তু মৃতদেহটো গধুৰ হোৱাৰ বাবে পৰিকল্পনা বাতিল কৰে। ইয়াৰ পিছত মৃতদেহটো টানি টানি তলৰ কোঠাটোত সোমাই তলা লগাই দিয়ে। তদন্তকাৰীয়ে জানিব পাৰিছে যে অক্ষতে পুৱা নিজৰ আৰু ভনীয়েকৰ বাবে অনলাইন পিজ্জা অৰ্ডাৰ কৰিছিল। ইয়াৰ পিছত তেওঁ পিজ্জা খাই ঘৰৰ পৰা ওলাই যায়। বজাৰৰ পৰা চোকা অস্ত্ৰ কিনি আনি তলৰ কোঠাটোত সোমাই দুৱাৰখন বন্ধ কৰি দিয়ে।
ইয়াৰ পিছত ঘৰলৈ উভতি আহে আৰু থানালৈ গৈ নিৰুদ্দেশৰ গোচৰ ৰুজু কৰে। তদন্তকাৰীয়ে এই কথাও জানিব পাৰিছে যে তেওঁ নিজেই আত্মীয় আৰু চিনাকি মানুহক মানবেন্দ্ৰৰ নিৰুদ্দেশৰ বিষয়ে অৱগত কৰিছিল। তেওঁ এটা ৱাটছএপ গ্ৰুপ খোলে। গ্ৰুপটোৰ নাম ৰাখে ‘পাপা লট আও’। তাত তেওঁ কেইবাটাও আৱেগিক বাৰ্তা পোষ্ট কৰে। ইয়াৰ পিছত আৰক্ষীয়ে মানবেন্দ্ৰক বিচাৰিবলৈ আৰম্ভ কৰে। ইফালে অক্ষতে মানবেন্দ্ৰৰ হাত-ভৰি-মূৰ কাটি পৃথক কৰি পেলায়। ইয়াৰ পিছত ২০ ফেব্ৰুৱাৰীৰ নিশা সেইবোৰ গাড়ীৰে ওচৰৰ গাঁও এখনলৈ লৈ যায়। বাকী মৃতদেহৰ অংশ নীলা ড্ৰাম এটাত ভৰাই থয়। অক্ষতে সেইবোৰো টুকুৰা-টুকুৰকৈ কাটি পেলাই দিবলৈ পৰিকল্পনা কৰিছিল। তদন্তকাৰীয়ে এই কথাও জানিব পাৰিছে যে মানবেন্দ্ৰক হত্যা কৰাৰ পিছত তেওঁ এখন দোকানৰ পৰা ৰং কিনি বেৰত থকা তেজৰ দাগবোৰ আঁতৰাই প্ৰমাণ নষ্ট কৰিবলৈ চেষ্টা কৰে। বিছনাৰ চাদৰবোৰ জ্বলাই দিয়ে।











