
চৰকাৰে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত টোল সংগ্ৰহ (Toll collection) ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন অনাৰ পথত আছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (National Highway Authority) (এনএইচএআই) ১ এপ্ৰিল, ২০২৬ তাৰিখৰ পৰা সকলো ৰাষ্ট্ৰীয় ঘাইপথ টোল প্লাজাত নগদ লেনদেন (No Cash transaction at the toll plaza) সম্পূৰ্ণৰূপে বন্ধ কৰাৰ পৰিকল্পনা কৰিছে। সেই তাৰিখৰ পিছত টোল মাচুল কেৱল ডিজিটেল মোডৰ জৰিয়তে সংগ্ৰহ কৰা হ’ব – ফাষ্টটেগ (Fastag) বা ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (Unified Payment Interface) (ইউপিআই)।
২০১৪ চনত যেতিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ ক্ষমতালৈ আহিছিল, সকলো ৰাজহুৱা খণ্ডৰ লেনদেন ডিজিটাইজ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ৰাজহুৱা নিৰ্মাণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ এই সিদ্ধান্তক ভাৰত চৰকাৰৰ ‘ডিজিটেল ইণ্ডিয়া’ কাৰ্যসূচীৰ ৰূপায়ণ হিচাপে দেখা গৈছে। চৰকাৰী সূত্ৰৰ মতে এক সম্পূৰ্ণ ‘ডিজিটেল টোলিং ইক’ছিষ্টেম’ গঢ়ি তোলাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইলেক্ট্ৰনিক টোল সংগ্ৰহত ইতিমধ্যে গুৰুত্বপূৰ্ণ অগ্ৰগতি হৈছে। বৰ্তমানে দেশৰ ৯৮ শতাংশতকৈও অধিক বাহনত ফাষ্টেগ প্ৰৱৰ্তন কৰা হৈছে আৰু বেছিভাগ টোল লেনদেন ৰেডিঅ’ ফ্ৰিকুৱেন্সী আইডেণ্টিফিকেচন (আৰএফআইডি) সক্ষম ফাষ্টেগৰ জৰিয়তে কৰা হয়।

চালকসকলৰ দ্বাৰা সহজ আৰু দ্ৰুত টোল পৰিশোধৰ সুবিধাৰ্থে ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজাসমূহত ইউপিআই পৰিশোধ প্ৰণালীও প্ৰৱৰ্তন কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ টোল নিয়ম অনুসৰি যদি কোনো বাহনৰ বৈধ ফাষ্টটেগ নাই আৰু নগদ ধনেৰে টোল পৰিশোধ কৰে, তেনেহ’লে মাচুল নিৰ্ধাৰিত হাৰতকৈ দুগুণ হ’ব।
আনহাতে ইউপিআইৰ জৰিয়তে পৰিশোধ কৰিলে প্ৰযোজ্য হাৰৰ ১.২৫ গুণ অধিক মাচুল লয়। ই নগদ ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু ডিজিটেল লেনদেনৰ প্ৰচাৰৰ প্ৰচেষ্টাক শক্তিশালী কৰিছে। টোল প্লাজাৰ স্তৰৰ মূল্যায়নত দেখা গৈছে যে নগদ ধনৰ লেনদেনৰ ফলত যান-জঁট, দীঘলীয়া অপেক্ষা আৰু সঘনাই বিবাদৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ মতে সম্পূৰ্ণ ডিজিটেল প্ৰণালীলৈ ৰূপান্তৰণে ১,১৫০ ৰো অধিক টোল প্লাজাত যান-বাহনৰ চলাচল দ্ৰুত কৰিব, বিলম্ব হ্ৰাস কৰিব আৰু স্বচ্ছতা বৃদ্ধি কৰিব। প্ৰযুক্তি-চালিত, দক্ষ আৰু নিৰৱচ্ছিন্ন ৰাষ্ট্ৰীয় ঘাইপথ সেৱা গঢ়ি তোলাৰ বৃহত্তৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।











