
অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত ন্যায়পালিকাৰ দুৰ্নীতিৰ কথা উল্লেখ কৰাত উচ্চতম ন্যায়ালয়ে (Supreme Court) ক্ষোভ প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কয়, “ন্যায়পালিকাক আক্ৰমণ কৰাৰ পৰিকল্পিত প্ৰচেষ্টা চলি আছে । ন্যায়পালিকাৰ প্ৰতি অৱমাননা কোনো কাৰণতে সহ্য কৰা নহ’ব।”

বুধবাৰে অধিবক্তা কপিল ছিবাল আৰু অধিবক্তা অভিষেক মনু সিংভীয়ে উচ্চতম ন্যায়ালয়ত এন চি ই আৰ টিৰ অষ্টম শ্ৰেণীৰ সমাজবিজ্ঞান গ্ৰন্থত ‘সমাজত ন্যায়পালিকাৰ ভূমিকা’ অধ্যায়ৰ প্ৰসঙ্গটো দাঙি ধৰে। ছিবালে কয়, “অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক শিকোৱা হৈছে যে বিচাৰ ব্যৱস্থাত দুৰ্নীতি আছে। আমি মৰ্মাহত হৈছোঁ।”
আনুষংগিক বিষয়টোক লৈ স্বতপ্ৰণোদিত আবেদনো দাখিল কৰে।
ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অধিবক্তাসকলক ধন্যবাদ জনায় আৰু বিষয়টোৰ বিষয়ে তেওঁ অৱগত বুলি কয়। লগতে শীঘ্ৰে ইয়াৰ বিৰুদ্ধে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়।
উল্লেখ্য যে অষ্টম শ্ৰেণীৰ সমাজবিজ্ঞানৰ পাঠ্যপুথিৰ ‘সমাজত ন্যায়পালিকাৰ ভূমিকা’ বিষয়ক অধ্যায়টোত কেইবাটাও আদালতৰ গোচৰ নিষ্পত্তি নোহোৱাৰ কথা উল্লেখ আছে।
এই কাণ্ডৰ বাবে দোষাৰোপ কৰা হৈছে পৰ্যাপ্ত ন্যায়াধীশৰ অভাৱ, জটিল আইনী প্ৰক্ৰিয়া আৰু আদালতৰ উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ। একাংশ অধিবক্তাই এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছত জ্ঞাত মহলে উচ্চতম ন্যায়ালয়ৰ এই মন্তব্য আৰু অধিক তাৎপৰ্যপূৰ্ণ বুলি বিশ্বাস কৰে।











