
ইলেক্ট্ৰ’নিক ভোটিং মেচিনত নোটা (NOTA) বিকল্পই নিৰ্বাচিত প্ৰতিনিধিৰ গুণমানড উন্নত কৰিছেনে নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে কয় যে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ অনুসৰি নোটা বিকল্পৰ জৰিয়তে কোনো আসন পূৰণ কৰাটো সম্ভৱ নহয়।

এখন পি আই এলত দাবী জনাইছিল যে নিৰ্বাচনত মাত্ৰ এজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলেও ভোটাৰৰ বাবে নোটা বিকল্প ব্যৱহাৰ কৰা উচিত। আবেদনখনত যুক্তি দিয়া হৈছিল যে য’ত মাত্ৰ এজন প্ৰাৰ্থীয়েহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, তেনে ক্ষেত্ৰত নোটা বিকল্পৰ অনুপস্থিতিয়ে ভোটাৰৰ ‘ভোটাধিকাৰ’ খৰ্ব কৰিছে।
উল্লেখ্য যে ২০১৩ চনত নিৰ্বাচন আয়োগে ইলেক্ট্ৰ’নিক ভোটিং মেচিনত নোটা (None of the Above) বিকল্প প্ৰৱৰ্তন কৰিছিল। অৰ্থাৎ যদি ভোটাৰসকলে অংশগ্ৰহণকাৰী কোনো এজন প্ৰাৰ্থীক ভাল নাপায় তেন্তে ভোটিং মেচিনত সেই বিকল্পটো বাছি ল’ব পাৰে। কিন্তু কোনো এটা সমষ্টিত নোটা ভোট সৰ্বাধিক হ’লেও ভোট বাতিল কৰাৰ কোনো ব্যৱস্থা নাই।
নোটাই সৰ্বাধিক ভোট লাভ কৰিলে কোনো বিশেষ সমষ্টিৰ নিৰ্বাচন বাতিল কৰাৰ দাবীত উচ্চতম ন্যায়ালয়ত এখন আবেদনো দাখিল কৰা হয়। তাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে শীৰ্ষ আদালতে কয় যে যিহেতু নোটাই সৰ্বাধিক ভোট পোৱাৰ পিছতো কোনো আসন পূৰণ কৰিব নোৱাৰে, গতিকে ই বিকল্প হ’ব নোৱাৰে।
এই সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ নেতৃত্বত থকা বিচাৰপীঠৰ পৰামৰ্শ হৈছে যে ভাল প্ৰাৰ্থীৰ জয় নিশ্চিত কৰিবলৈ নিৰ্বাচনত ভোটদান বাধ্যতামূলক কৰাৰ প্ৰচেষ্টা চলাব লাগে। নিৰ্বাচনত নিৰক্ষৰ আৰু মহিলাতকৈ শিক্ষিত আৰু ধনী ভোটাৰে কম ভোট দিয়ে বুলিও বিচাৰপীঠে মন্তব্য কৰে।
গোচৰৰ শুনানিৰ সময়ত এটৰ্নী জেনেৰেল আৰ ভেংকটৰমণীয়ে এই আবেদনৰ বিৰোধিতা কৰি কয়, “আমি বহুত কাল্পনিক দিশত প্ৰৱেশ কৰিছো। আইনৰ পৰীক্ষা এনেদৰে কৰিব নোৱাৰি। ভোটাধিকাৰ সাংবিধানিক অধিকাৰ।”











