
এগৰাকী মহিলা চিকিৎসকক শ্লীলতাহানি আৰু কটুক্তিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে দুজন লোকক। অৱশ্যে এই ঘটনাৰ আন এজন অভিযুক্ত আছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। তেওঁক বিচাৰি থকা হৈছে।

উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ এইমছত কৰ্মৰত নাগালেণ্ডৰ এগৰাকী মহিলা চিকিৎসকৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে সন্ধিয়া সংঘটিত হৈছে এই ঘটনা।
অভিযোগ অনুসৰি, স্থানীয় শ্বপিং মলৰ পৰা অভিযুক্তই চিকিৎসকগৰাকীক অনুসৰণ কৰিছিল। মহিলাগৰাকীৰ পিছে পিছে প্ৰায় ডেৰ কিলোমিটাৰমান গৈছিল। অভিযোগ অনুসৰি এম এছ ইৰ প্ৰৱেশদ্বাৰত তেওঁক বাট আগচি ধৰি অশ্লীল ভাষাৰে গালি-গালাজ কৰিছিল।
গোৰখপুৰৰ আৰক্ষী অধীক্ষক অভিনৱ ত্যাগীয়ে কয়, “এই ঘটনাৰ সৈতে জড়িত আছিল তিনিজন লোক। তাৰে দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। তৃতীয় ব্যক্তিজনক বিচাৰি উলিয়াবলৈ বিভিন্ন দিশত তালাচী চলোৱা হৈছে।”
এই ঘটনাক গৰিহণা দিয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। তেওঁৰ মতে, উত্তৰ-পূব ভাৰতৰ মহিলাসকলে জাতিগত বৈষম্য আৰু যৌন নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে। উক্ত মহিলা চিকিৎসকৰ সৈতে যি ঘটিছে সেয়া লজ্জাজনক। মনত ৰখা উচিত যে নাৰী আপোনাৰ ভনী বা ছোৱালী। কনৰাড চাংমাই অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।
দেওবাৰেই এই ঘটনা সংঘটিত হয় যদিও সোমবাৰেহে এজাহাৰ দাখিল কৰাৰ পিছত পোহৰলৈ আহে। অভিযোগ দাখিল কৰাৰ পিছতে চিকিৎসকৰ বক্তব্য লিপিবদ্ধ কৰে আৰক্ষীয়ে। অভিযোগ অনুসৰি, এই বিষয়ে কাৰোবাক ক’লে ইয়াৰ ‘ভয়ংকৰ পৰিণতি’ হ’ব বুলিও ভাবুকি দিয়া হৈছিল।
ইফালে নিৰ্যাতিতা মহিলাগৰাকীয়ে হোষ্টেলত উপস্থিত হৈ সমগ্ৰ ঘটনা সতীৰ্থসকলক বৰ্ণনা কৰে। ইয়াৰ পিছত উচ্চপদস্থ বিষয়াসকলক বিষয়টোৰ বিষয়ে অৱগত কৰা হয়। আৰক্ষীয়ে তদন্ত কৰি শ্বপিং মলটোৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি যুৱক দুজনক চিনাক্ত কৰে।
ইয়াৰ পিছতে আৰক্ষীয়ে তেওঁলোকক নিজৰ ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, ঘটনাৰ সময়ত তেওঁলোকৰ লগত আৰু এজন ব্যক্তি আছিল। অৱশ্যে তেওঁৰ এতিয়াও সন্ধান পোৱা হোৱা নাই।










