
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ‘অশ্লীল’ বিষয়বস্তু (OTT Banned) প্ৰদৰ্শনৰ বাবে কেইবাটাও অ’টিটি প্লেটফৰ্মৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। মঙলবাৰে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে মন্ত্ৰালয়ে।

এই অধিসূচনাত কোৱা হৈছে যে কেন্দ্ৰই মুঠ পাঁচটা অ’টিটি প্লেটফৰ্ম নিষ্ক্ৰিয় কৰাৰ সিদ্ধান্ত লৈছে। এই তালিকাত আছে মুড এক্স ভিআইপি, ক’ল প্লেপ্ৰ’, ডিজি মুভিপ্লেক্স, ফিল আৰু জুগুনু। ফলত দেশৰ কোনো ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে এই পাঁচটা অ’টিটি মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব।
সূত্ৰ অনুসৰি, মন্ত্ৰালয়ে সংশ্লিষ্ট অ’টিটি মাধ্যমৰ বিষয়াসকলক ‘অশ্লীল’ বিষয়বস্তু প্ৰদৰ্শনৰ সন্দৰ্ভত কেইবাবাৰো সকীয়াই দিছিল। কিন্তু তাৰ পিছতো বন্ধ নোহোৱাত অৱশেষত ইয়াক নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়। এই পাঁচটা অ’টিটি প্লেটফৰ্মত প্ৰদৰ্শিত কণ্টেণ্টৰ অধিকাংশই অশ্লীল বুলি জনোৱা হৈছে।
কেন্দ্রীয় চৰকাৰে তথ্য আৰু প্রযুক্তি আইন, ২০২১ত উল্লেখ কৰা নৈতিকতা সংহিতা কঠোৰভাৱে পালন কৰিবলৈ নির্দেশ দিছে। শিশুসকলে যাতে প্রাপ্তবয়স্কৰ বাবে উদ্দেশ্য কৰা বিষয়বস্তু দেখা নাপায় তাৰ বাবে ‘এক্সেছ কণ্ট্ৰ’ল ফৰ এ ৰেটেড কণ্টেণ্ট’ৰ ওপৰত গাইডলাইন জাৰি কৰিছে৷ লগতে অ’টিটি প্লেটফৰ্মৰ নিয়ম মানি চলাৰ ক্ষেত্ৰতো গুৰুত্ব দিবলৈ কোৱা হৈছে।
উল্লেখ্য যে কেন্দ্ৰই পূর্বে দেশৰ সকলো ছ’চিয়েল মিডিয়া চেনেল আৰু অ’টিটি প্লেটফৰ্মক এই সন্দৰ্ভত সকীয়াই দিছিল৷ ইয়াৰ পূৰ্বে ২০২৪ চনত কেন্দ্ৰই মুঠ ১৮টা অ’টিটি প্লেটফৰ্ম, ১৯টা ৱেবছাইট, ১০টা এপ (যিবোৰৰ কিছুমান গুগল প্লে ষ্ট’ৰ আৰু এপল এপ ষ্ট’ৰত আছিল) আৰু ৫৭টা ৱেবছাইট নিষ্ক্ৰিয় কৰে।










