
দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে ইঞ্জিনৰ বিজুতি ধৰা পৰাত ততাতৈয়াকৈ বিমানখনৰ দিশ পৰিৱৰ্তন কৰি দিল্লী বিমানবন্দৰ (Delhi Airport)ত জৰুৰীকালীন অৱতৰণ (Emergency landing) কৰা হয়। বিমানখনত ১৫০ জন যাত্ৰী আছিল। জানিব পৰা মতে স্পাইচজেট (SpiceJet)ৰ বিমান SG121 লেহলৈ যোৱাৰ কথা আছিল। পুৱা ৬.০৮ বজাত দিল্লীৰ পৰা গন্তব্যস্থানলৈ ৰাওনা হয়। কিন্তু যেতিয়া বিমানখন মাজ আকাশত আছিল তেতিয়া ইঞ্জিনত যান্ত্ৰিক বিজুতি ধৰা পৰে। বিষয়টো লক্ষ্য কৰাৰ লগে লগে পাইলটে দিল্লী বিমানবন্দৰৰ বিমান পৰিবহণ নিয়ন্ত্ৰণ (এ টি চি)ৰ সৈতে যোগাযোগ কৰি জৰুৰীকালীন অৱতৰণৰ অনুমতি বিচাৰে।

বিমানবন্দৰৰ সূত্ৰ অনুসৰি, স্পাইচজেটৰ বিমানখন পুৱা ৬.৪৯ বজাত দিল্লীত অৱতৰণ কৰে। স্পাইচজেটৰ এগৰাকী মুখপাত্ৰই কয়, “দিল্লীৰ পৰা লেহ অভিমুখী বিমান এখনত যান্ত্ৰিক বিজুতি ধৰা পৰাৰ পিছত ইয়াক পুনৰ দিল্লীলৈ অনা হয়। বিমানখন নিৰাপদে অৱতৰণ কৰা হয়। সকলো যাত্ৰী নিৰাপদ। তেওঁলোকক বিমানৰ পৰা নমাই অনা হয়।”











