
পিতৃয়ে বিচাৰিছিল যে তেওঁৰ পুত্ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত বহক। NEET পৰীক্ষা দিয়ক। কিন্তু পুত্ৰই সেইটো বিচৰা নাছিল। ইয়াকে লৈ প্ৰায়ে পিতৃ-পুত্ৰৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল। সেই অশান্তি গৈ শুকুৰবাৰে বিয়লি শিখৰত উপনীত হয়। তেতিয়াৰ পৰাই উত্তৰ প্ৰদেশ (UP)ৰ লক্ষ্ণৌ (Lucknow)ৰ ঔষধ ব্যৱসায়ী মানবেন্দ্ৰ সিং সন্ধানহীন হৈ পৰে। পুত্ৰ অক্ষত সিঙে (Akshat Singh) নিজে থানালৈ গৈ পিতৃৰ নিৰুদ্দেশ গোচৰ দাখিল কৰে। শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল মানবেন্দ্ৰ (Manabandra)। কিন্তু তদন্তৰ সময়ত পোহৰলৈ অহা তথ্যই আৰক্ষী বিষয়াৰ পৰা আৰম্ভ কৰি চুবুৰীয়ালৈকে সকলোকে স্তম্ভিত কৰি তোলে।
আৰক্ষীয়ে ঘৰৰ তলৰ মহলাত তলাবন্ধ কোঠা এটা খুলি দিয়াৰ লগে লগে নীলা ৰঙৰ ড্ৰাম এটা দেখা পায়। ঢাকনিখন বন্ধ আছিল। আৰক্ষীয়ে সন্দেহত ড্ৰামৰ ঢাকনিখন খুলি দিয়াৰ লগে লগে দেখা গ’ল ব্যৱসায়ী মানবেন্দ্ৰৰ অংগ বিচ্ছিন্ন মৃতদেহ (Severed corpse)। শৰীৰৰ ওপৰৰ অংশটো নাছিল। শৰীৰৰ তলৰ অংশটো ড্ৰামৰ ভিতৰত আছিল। আৰক্ষীয়ে জনোৱা মতে, মানবেন্দ্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে তেওঁৰ পুত্ৰ অক্ষতে তেওঁৰ পিতৃয়ে আত্মহত্যা কৰা বুলি দাবী কৰে। কেৱল সেয়াই নহয়, থতমত খোৱাৰ ভাও ধৰি কান্দিবলৈ ধৰে। কিন্তু এইখিনিতে আৰক্ষীৰ সন্দেহ অধিক প্ৰবল হৈ পৰে। অক্ষতক গ্ৰেপ্তাৰ কৰি জেৰা কৰে। এজন তদন্তকাৰী বিষয়াৰ দাবী যে জেৰাৰ সময়ত অক্ষতে পিতৃক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

কিয় আৰু কেনেকৈ হত্যাকাণ্ড সংঘটিত হৈছে সেই কথাও জানিব পাৰিছে আৰক্ষীয়ে। প্ৰথম অৱস্থাত আৰক্ষীয়ে গম পায় যে অক্ষতে প্ৰতিযোগিতামূলক পৰীক্ষা দিব বিচৰা নাছিল। কিন্তু পিতৃয়ে এই কথাত জোৰ দিছিল। শুকুৰবাৰে বিয়লি পিতৃ-পুত্ৰৰ মাজত বিবাদৰ সৃষ্টি হয়। ইয়াৰ পিছতে মানবেন্দ্ৰই ব্যৱসায়ৰ বাবে দিল্লীলৈ যাবলৈ সাজু হৈছিল। সেই সময়ত তেওঁ হঠাৎ অনুজ্ঞাপত্ৰ থকা ৰাইফলটো লৈ মানবেন্দ্ৰৰ মূৰত গুলীচালনা কৰে। বন্দুকৰ গুলীৰ শব্দত অক্ষতৰ ভনীয়েক ওলাই আহে। অভিযোগ অনুসৰি, ভগ্নীক তেওঁ ভাবুকি দিছিল। কাৰোবাক কিবা ক’লে তেওঁক হত্যা কৰাৰ ভাবুকি দিছিল অক্ষতে। সেই ভয়ৰ বাবে অক্ষতৰ ভনীয়েকে মুখ খোলা নাছিল। তেওঁৰ চকুৰ সন্মুখতেই দেখিছিল ককায়েকে কেনেকৈ তেওঁৰ পিতৃক হত্যা কৰি তেওঁৰ শৰীৰটো টুকুৰা-টুকুৰ কৰি পেলাইছিল।
আৰক্ষীয়ে জানিব পাৰিছে যে মানবেন্দ্ৰক হত্যা কৰাৰ পিছত অক্ষতে তেওঁৰ মৃতদেহ ঘৰৰ চতুৰ্থ মহলাৰ পৰা নমাই তলৰ মহলালৈ নিছিল। মৃতদেহটো খালী কোঠা এটালৈ নিছিল। ইয়াৰ পিছত তেওঁ মানবেন্দ্ৰৰ শৰীৰৰ অংগ বিচ্ছিন্ন কৰি শৰীৰৰ ওপৰৰ অংশটো টুকুৰা-টুকুৰ কৰি কাটি পেলায়। ইয়াৰ পিছত পেকেটত ভৰাই চুবুৰীয়া গাঁও সদৰুনালৈ নি পেলাই দিয়ে। ঘৰৰ তলৰ মহলাত থকা কোঠা এটাত শৰীৰৰ তলৰ অংশটো ড্ৰাম এটাত ভৰাই থয়। ঘৰৰ পৰা উদ্ধাৰ হৈছে ১০ লিটাৰ কেৰাচিন তেল। আৰক্ষীয়ে সন্দেহ কৰিছে যে অক্ষতে ঘৰতে ড্ৰামত ৰখা শৰীৰৰ অংগসমূহ জ্বলাই দিয়াৰ পৰিকল্পনা কৰিছিল।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মানবেন্দ্ৰই পুত্ৰক NEETৰ বাবে উপযুক্ত প্ৰস্তুতি নোলোৱাৰ বাবে গালি পাৰিছিল। লক্ষ্ণৌত পিতৃ আৰু ভনীয়েকৰ লগত বাস কৰিছিল। ২০১৮ চনত তেওঁৰ মাতৃৰ মৃত্যু হৈছিল।











