ASSAM TIMES POST
আছিফ আলি: ঐতিহাসিক শিৱসাগৰৰ শিৱদ’লত আজিৰে পৰা ২৩ ফেব্ৰুৱাৰীলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব শ্ৰী শ্ৰী মহা শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ।শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ আজি শুভ উদ্ধোধন কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে।
স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসমীয়া প্ৰতিদিন কাকতৰ পৰিচালন সঞ্চালক জয়ন্ত বৰুৱাই ৷শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱত উত্তৰপূৰ্বাঞ্চলৰ বিভিন্ন সাংস্কৃতিক দলে জাতীয় জনগোষ্ঠীয় অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে নেপালৰ পৰা আমন্ত্ৰণ কৰা সাংস্কৃতিক দলে অনুষ্ঠান পৰিবেশন কৰিব বুলি উদ্যোক্তসকলে জানিবলৈ দিছে।
ইয়াৰোপৰি প্ৰতিদিনে শিৱ বন্দনা কৰা হব। আনহাতে শেষৰ দিনা অৰ্থাৎ ২৩ ফেব্ৰুৱাৰীত হৰি হৰৰ যুদ্ধ আৰু বানৰ পৰাজয় ভাওনা প্ৰদৰ্শন কৰা হব।এইবাৰ আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৰৱ সাংস্কৃতিক কাৰ্যসূচী দ’লমুখ চাৰিআলিস্থিত ভাৰত ৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত অনুষ্ঠিত কৰা হব।
শ্ৰী শ্ৰী শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা বাণিজ্য মেলাত পাঁচ শতাধিক বিপনী ৰ ব্যৱস্থা কৰা হৈছে।এই উৎসৱ আৰু মেলালৈ দেশৰ ভিন্ন প্ৰান্তৰ শিৱ ভক্ত সাধু সন্যাসী আৰু ব্যৱসায়ীৰ আগমন হয়।এই উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে ২০ ফেব্ৰুৱাৰী অৰ্থাৎ আজি শিৱসাগৰত স্থানীয় বন্ধৰ দিন ৰূপে ঘোষণা কৰিছে।
আনহাতে এই উৎসৱত ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ ১০ লক্ষাধিক ভক্তই পূজা-অৰ্চনা কৰাৰ সম্ভাৱনা আছে ৷