
আগে আগে সি, পিছে পিছে সশস্ত্ৰ সেনা জোৱান। জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত সন্ত্ৰাসবাদীৰ আত্মগোপনস্থলী বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সি আগভাগ লৈছিল। কিন্তু সন্ত্ৰাসবাদীৰ গুলীত আহত হয় সেনাৰ সাহসী ‘টাইছন’ (Tyson Dog) ।

গুলীয়ে তাৰ ভৰিত আঘাত কৰে। কিন্তু সি নিজৰ লক্ষ্যত অটল হৈ থাকে। ভাৰতীয় সেনাই সি দেখুৱাই দিয়া পথ অনুসৰণ কৰি কিষ্টৱাৰত তিনিজন সন্ত্ৰাসবাদীক হত্যা কৰে।
‘টাইছন’ হৈছে ভাৰতীয় সেনাৰ বিশেষ বাহিনীত নিযুক্ত জাৰ্মান শ্বেফাৰ্ কুকুৰড। কিষ্টৱাৰৰ চত্ৰু এলেকাত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ তথ্য আছিল সেনাৰ হাতত। কিন্তু নিৰাপত্তা বাহিনীয়ে সঠিকভাৱে গম পোৱা নাছিল ক’ত আছে লুকাই। ফলত ‘টাইছন’ক লৈ সন্ত্ৰাবাদী ঘাটি বিচাৰি কামত নামিল নিৰাপত্তা বাহিনী। সেনাবাহিনীক পথ দেখুৱাই দুৰ্গম অঞ্চলটোলৈ লৈ গ’ল।
কিন্তু আত্মগোপন কৰা স্থান পোৱাৰ লগে লগে সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। নিৰাপত্তা বাহিনীয়েও প্ৰত্যুত্তৰ দিয়ে। অৱশ্যে সন্ত্ৰাসবাদীয়ে নিক্ষেপ কৰা গুলীত ‘টাইছন’ৰ ভৰিত আঘাত কৰে। তথাপিও সি নিজৰ কৰ্তব্যত অটল থাকি সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান চিনাক্ত কৰি তাৰ যাত্ৰাৰ অন্ত পৰে।
দীৰ্ঘদিন ধৰি আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ সন্ধান অব্যাহত আছিল বুলি সেনা বিষয়াসকলে জানিবলৈ দিয়ে। কিন্তু ‘টাইছন’ৰ আত্মগোপন স্থান সময়মতে চিনাক্ত কৰাৰ বাবে সন্ত্ৰাসবাদীক নিৰ্মূল কৰাটো সম্ভৱ হৈ উঠে।
আহত ‘টাইছন’ক বিমানযোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান টাইছন সুস্থিৰ। অৱশ্যে সি চিকিৎসকৰ পৰ্যবেক্ষণত আছে বুলি সেনা বিষয়াসকলে জানিবলৈ দিয়ে।
বিগত বৰ্ষৰ নৱেম্বৰ মাহত কিষ্টৱাৰত ‘অপাৰেচন চত্ৰু’ আৰম্ভ হৈছিল। সেই অভিযানত সেনাই কেইবাজনো সন্ত্ৰাসবাদীক হত্যা কৰিছিল।
মাজে মাজে সন্ত্ৰাসবাদীয়ে কিষ্টৱাৰৰ এই অৰণ্যত আশ্ৰয় লোৱাৰ খবৰ আহিছিল। ইয়াৰ পিছতে এই অভিযান আৰম্ভ হয়। দেওবাৰেও চত্ৰুৰ অৰণ্যত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ পোৱাৰ পিছতে সেনাই অভিযান আৰম্ভ কৰে। ৰাজ্যিক আৰক্ষীৰ এটা দলেও এই অভিযানত অংশগ্ৰহণ কৰে।
দেওবাৰৰ এই অভিযানত নিহত হয় তিনিজন সন্ত্ৰাসবাদী। সেনাৰ সূত্ৰ অনুসৰি, জৈছ কমাণ্ডাৰ ছাইফুল্লাও ইয়াৰ ভিতৰত আছে। বাকী দুজনৰ পৰিচয় এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ আছিল ছাইফুল্লা। যোৱা দুবছৰ ধৰি তেওঁ অঞ্চলটোৰ পৰা পলাতক অৱস্থাত আছিল। অৱশেষত দেওবাৰৰ অভিযানত ছাইফুল্লা নিহত হয়। আৰু ইয়াৰ নেপথ্যত আছে ‘টাইছন’।











