
শনিবাৰে মাজনিশা পাকিস্তানে আফগানিস্তানৰ (Afganistan) বৰমাল জিলাৰ এখন মাদ্ৰাছাত বিমান আক্ৰমণ সংঘটিত কৰে। এই ঘটনাত কমেও ২০ জন লোকৰ মৃত্যু হোৱা বুলি কাবুলে জানিবলৈ দিয়ে।

এই পৰিস্থিতিত নতুন দিল্লীয়ে আফগানিস্তানৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। ভাৰতে পাকিস্তানকো তীব্ৰ গৰিহণা দিছে। দেওবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে পাকিস্তানৰ এই পদক্ষেপক সমালোচনা কৰে।
ৰণধীৰে নিজৰ এক্স হেণ্ডেলত লিখিছে, “পবিত্ৰ ৰমজান মাহত আফগান ভূমিত পাকিস্তানে কৰা বিমান আক্ৰমণক ভাৰতে তীব্ৰ গৰিহণা দিছে। এই আক্ৰমণত মহিলা আৰু শিশুকে ধৰি বহু লোকৰ প্ৰাণহানি হৈছে। এই কাণ্ডত ভাৰত গভীৰভাৱে দুখী।” তেওঁ লগতে লিখিছে, “এই কাণ্ডই আকৌ এবাৰ পাকিস্তান চৰকাৰৰ ব্যৰ্থতা উদঙাই দিছে।” ৰণধীৰে কয় যে ভাৰত আফগানিস্তানৰ কাষত থিয় দিছে।
আনহাতে, পাকিস্তানে দাবী কৰিছে যে এই আক্ৰমণৰ মূল উদ্দেশ্য আছিল সীমান্তৰ সমীপত থকা এটা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা। আৰু সেইটোৱেই কৰা হৈছে। পাকিস্তানে দাবী কৰিছে যে আফগানিস্তানৰ পাক্তিকা, নংগাৰহৰ আৰু খোষ্ট প্ৰদেশত সামৰিক অভিযানত কমেও ৭০ জন সন্ত্ৰাসবাদী নিহত হৈছে। অৱশ্যে তালিবান চৰকাৰৰ তথ্য অনুসৰি, এই আক্ৰমণত এতিয়ালৈকে কমেও ২০ জন লোক নিহত হৈছে।
৬ ফেব্ৰুৱাৰীত পাকিস্তানৰ ৰাজধানী ইছলামবাদৰ শ্বাহজাদ টাউন অঞ্চলৰ ছিয়া তাৰলাই ইমাম্বাৰ ছিয়া মছজিদত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণত বহু লোকৰ মৃত্যু হৈছিল। ইয়াৰ পিছত শনিবাৰে খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ বান্নু অঞ্চলত এজন পাকিস্তানী সেনা আৰু এজন লেফটেনেণ্ট কৰ্ণেল নিহত হোৱাৰ পিছত তেওঁলোকে আফগানিস্তানত এই অভিযান চলোৱাৰ সিদ্ধান্ত লয়।
পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দাবী কৰিছে যে দেশখনত সংঘটিত হোৱা ধাৰাবাহিক আক্ৰমণৰ আঁৰত আফগানিস্তানৰ তেহৰিক-ই-তালিবান পাকিস্তান (যাক পাকিস্তান চৰকাৰে ‘ফিতনা-আল-খাৱাৰিজ’ বুলি কয়) আৰু ইছলামিক ষ্টেট অব খোৰাছান প্ৰদেশৰ।
এই আক্ৰমণৰ পিছত তালিবান চৰকাৰে কাবুলত থকা পাকিস্তানী ৰাষ্ট্ৰদূতক মাতি এই ঘটনাক তীব্ৰ সমালোচনা কৰে।
তালিবান প্ৰশাসনৰ শীৰ্ষ নেতাসকলেও এই আক্ৰমণৰ প্ৰতি সঁহাৰি সময়মতে দিয়া হ’ব বুলি ইংগিত দিছে।
পাকিস্তানত এই আক্ৰমণৰ পিছত তালিবান প্ৰশাসনৰ বিষয়াসকলে জৰুৰী বৈঠক আহ্বান কৰিছে। এই বৈঠকত ৰণকৌশলৰ সিদ্ধান্ত লোৱা হ’ব বুলি অনুমান কৰা হৈছে।
অৱশ্যে সূত্ৰই দাবী কৰিছে যে আক্ৰমণৰ প্ৰতি সঁহাৰি জনোৱাৰ ইংগিত দিয়াৰ পিছতো তালিবান প্ৰশাসনে এতিয়াই খৰখেদা কৰিব নিবিচাৰে। কিন্তু এই আক্ৰমণক কেন্দ্ৰ কৰি দুয়োখন দেশৰ সীমান্তৰ পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে।











