
ভাৰতীয় যুদ্ধ বিমান তেজস পুনৰ দুৰ্ঘটনাগ্ৰস্ত। সেনা ঘাটিত অৱতৰণ কৰাৰ সময়তে ৰাণৱেৰ পৰা ছিটিকি পৰি চেপেটা হৈ যায় যুঁজাৰু বিমানখন। অৱশ্যে দুৰ্ঘটনাৰ সময়ত পাইলটজনে বিমানখনৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়।

এতিয়ালৈকে কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই। কিন্তু বিমানখনৰ ক্ষতিৰ অৰ্থ হ’ল ভাৰতীয় বায়ুসেনাই আন এখন তেজস বিমান হেৰুৱাইছে।
সম্পূৰ্ণৰূপে ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত তেজস যুদ্ধ বিমানখন বায়ুসেনাৰ অন্যতম সম্পত্তি। এই বিমানসমূহ বিকল হোৱাৰ হাৰ অতি কম। শেহতীয়াকৈ তেজসৰ দুৰ্যোগৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই বায়ুসেনাই। সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পি টি আয়ে জনোৱা মতে, চলিত মাহৰ আৰম্ভণিতে এখন তেজস যুদ্ধ বিমান বায়ুসেনাৰ ঘাটিত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।
সাধাৰণ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ঘাটিলৈ উভতিছিল বিমানখন। অৱতৰণৰ সময়ত কাম কৰা নাছিল ‘ব্ৰেক’। ‘ব্ৰেক বিকল’ হোৱা বুলি অনুমান কৰা হয়। আগতীয়া বিপদ উপলব্ধি কৰি পাইলটে দুৱাৰখন খুলি জঁপিয়াই ওলাই আহে। ফলত তেওঁ আহত হোৱাৰ পৰা ৰক্ষা পৰে । অৱশ্যে ৰাণৱেৰ পৰা পিছলি বিমানখন বহু দূৰলৈ ছিটিকি পৰে।
সূত্ৰ অনুসৰি, যোৱা ৭ ফেব্ৰুৱাৰীত তেজসত সংঘটিত হৈছিল এই দুৰ্ঘটনা। ইয়াৰ পিছত বায়ুসেনাই এই বিমানখনৰ সুৰক্ষা আৰু যান্ত্ৰিক সমস্যাৰ ওপৰত কাম কৰি আহিছে। প্ৰায় ৩০ খন একক আসনৰ তেজস যুদ্ধ বিমান সাজু কৰা হৈছে। সেইবোৰৰ পৰীক্ষা কৰা হ’ব। যান্ত্ৰিক ত্ৰুটি আছে নেকি পৰীক্ষা কৰা হ’ব। বিশেষজ্ঞই যদি সেউজ সংকেত দিয়ে তেন্তে পুনৰ ব্যৱহাৰ কৰা হ’ব।
২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে হিন্দুস্তান এৰ’নটিক্স লিমিটেডক (HAL) বায়ুসেনাৰ বাবে ৮৩ খন তেজস যুদ্ধ বিমান নিৰ্মাণৰ বাবে চুক্তিবদ্ধ কৰে। ৪৮ হাজাৰ কোটি টকাৰ বাবে এই চুক্তি স্বাক্ষৰিত হৈছিল। পিছত ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত একেটা কোম্পানীয়ে আৰু ৯৭ খন তেজস নিৰ্মাণৰ ঠিকা লাভ কৰে। ৬২ হাজাৰ কোটি টকাত এই চুক্তি স্বাক্ষৰিত হৈছিল।
কিন্তু কোম্পানীটোৱে বাৰে বাৰে সময়মতে কাম সম্পূৰ্ণ কৰাত ব্যৰ্থ হৈছে। অভিযোগ অনুসৰি, জি ই এৰ’স্পেচৰ পৰা এৰো ইঞ্জিনৰ যোগান উপলব্ধ নহয়।
আনহাতে, তেজসৰ সৈতে জড়িত এয়া তৃতীয়টো দুৰ্ঘটনা। প্ৰথমখন আছিল ২০২৪ চনৰ মাৰ্চ মাহত। ৰাজস্থানৰ জয়ছালমেৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হৈছিল তেজস যুদ্ধ বিমান।
সেইবাৰো পাইলটে বিমানখনৰ পৰা নিৰাপদে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল। দ্বিতীয়বাৰ ডুবাইত এয়াৰ শ্ব’ৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় তেজস। পাইলট তথা বায়ুসেনাৰ উইং কমাণ্ডাৰ নমন চেলেৰ তাত মৃত্যু হয়। ৭ ফেব্ৰুৱাৰীৰ ঘটনাটো উক্ত তালিকাত তৃতীয়টো সংযোজন।











