ৰাজধানীত পুনৰ বোমাতংক। দিল্লীৰ দুখন বিদ্যালয়ে পুৱতি নিশা ভাবুকিপূৰ্ণ ইমেইল লাভ কৰে। বিদ্যালয়সমূহ তৎক্ষণাৎ খালী কৰা হয়। আৰক্ষীৰ মতে ভাবুকিপূৰ্ণ ইমেইলবোৰ আৰ্মি পাব্লিক স্কুল আৰু এয়াৰ ফ’ৰ্চ বাল ভাৰতী দুয়োটাতে পোৱা গৈছিল।

বিদ্যালয় কৰ্তৃপক্ষই ৰাতিপুৱা ভাবুকিপূৰ্ণ বাৰ্তাটো পোৱাৰ পিছত আৰক্ষীক খবৰ দিছিল। দিল্লী আৰক্ষী, বোমা নিষ্ক্ৰিয় বাহিনী, ডগ স্কোৱাড আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়।
শিক্ষাৰ্থী আৰু শিক্ষক কৰ্মচাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিদ্যালয়ৰ কাষৰীয়া অঞ্চলটো ঘেৰাও কৰা হৈছিল। নিৰাপত্তা কটকটীয়া কৰা হৈছে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, “সতৰ্কতামূলক ব্যৱস্থা হিচাপে, বিদ্যালয় চৌহদটো তৎক্ষণাৎ খালী কৰা হৈছিল আৰু এক ব্যাপক তালাচী অভিযান আৰম্ভ কৰা হৈছিল।
এতিয়ালৈকে অনুসন্ধানত সন্দেহজনক একো পোৱা হোৱা নাই। ভাবুকি দিয়া ইমেইলৰ উৎসৰ সত্যতা নিৰূপণ কৰি থকা হৈছে আৰু তদন্ত চলি আছে। ইমেইলৰ উৎস আৰু প্ৰেৰকক চিনাক্ত কৰিবলৈ চাইবাৰ চেলকো নিয়োগ কৰা হৈছে। অৱশ্যে কেইদিনমান আগতে দিল্লীৰ ১৩ খন বিদ্যালয়লৈ ভাবুকি বাৰ্তা প্ৰেৰণ কৰিছিলস৷
সপ্তাহটোৰ আৰম্ভণিতে ৰাজধানীৰ দুখন কেন্দ্ৰীয় বিদ্যালয়ত বোমা বিস্ফোৰণৰ বাতৰিত যথেষ্ট উত্তেজনা আছিল। কেইবাটাও অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। বাৰম্বাৰ ভাবুকি দিয়া ইমেইল স্বত্বেও দিল্লী আৰক্ষীয়ে এতিয়াও ইমেইলবোৰৰ উৎস নিশ্চিত কৰিব পৰা নাই। ইয়াৰ আঁৰত কোন বা কি আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ৰাজধানীত পুনৰ বোমাতংক। দিল্লীৰ দুখন বিদ্যালয়ে পুৱতি নিশা ভাবুকিপূৰ্ণ ইমেইল লাভ কৰে। বিদ্যালয়সমূহ তৎক্ষণাৎ খালী কৰা হয়। আৰক্ষীৰ মতে ভাবুকিপূৰ্ণ ইমেইলবোৰ আৰ্মি পাব্লিক স্কুল আৰু এয়াৰ ফ’ৰ্চ বাল ভাৰতী দুয়োটাতে পোৱা গৈছিল।









