
কোনোবা তিনিবছৰীয়া, কোনোবা ১০ বছৰ, কোনোবা ১৭ বছৰীয়া। উত্তৰ প্ৰদেশ (Uttra Pradesh)ৰ এহাল দম্পতী (A couple)ক এনে ৩৩ গৰাকী নাবালিকাক যৌন নিৰ্যাতন (Sexual harassment) চলোৱাৰ অপৰাধত দোষী সাব্যস্ত (Found guilty) কৰা হৈছে। বান্দাৰ আদালতে (Bandar Court) মৃত্যুদণ্ডৰ শাস্তি (Death penalty) প্ৰদান কৰে। পক্সো (POCSO) আইনৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে দম্পতীহালক। ২০২০ চনত চি বি আয়ে শিশু আৰু নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। সেই গোচৰত দোষী সাব্যস্ত হৈছিল এহাল দম্পতী।
ৰাজ্য চৰকাৰে ভুক্তভোগীক ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে বুলি আদালতে নিৰ্দেশ দিছে। ইয়াৰ উপৰি অপৰাধীৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা নগদ ধন ভুক্তভোগীৰ পৰিয়ালৰ মাজত সমানে ভাগ কৰি দিব লাগিব। সূত্ৰ অনুসৰি, এই দম্পতীয়ে নাবালিকাক যৌন নিৰ্যাতন চলাইছিল আৰু ডাৰ্ক ৱেব (Dark Web)ৰ জৰিয়তে পৰ্ণ’গ্ৰাফী ৱেবছাইটত তেওঁলোকৰ ছবি আৰু ভিডিঅ’ লাখ লাখ টকাত বিক্ৰী কৰিছিল। তদন্তত নাবালিকাকেইগৰাকীৰ শাৰীৰিক নিৰ্যাতনো হোৱা বুলি জানিব পৰা গৈছে। তদন্তত দাবী কৰা হৈছে যে বহু নাবালিকাৰ যৌনাংগত গুৰুতৰ আঘাত পোৱা গৈছে। কেৱল সেয়াই নহয়, কেইবা বছৰ ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বহু ভুক্তভোগী।

তদন্তকাৰীয়ে লগতে দাবী কৰে যে নিৰ্যাতনৰ মাত্ৰা এনে এটা স্তৰত উপনীত হৈছিল যে একাংশ লোকৰ চকু ক্ষতিগ্ৰস্ত হৈছে। কিছুমান সম্পূৰ্ণভাৱে মানসিক বিকাৰগ্ৰস্ত হৈ পৰিছে। তেওঁলোকৰ বহুতেই এতিয়াও সেই মানসিক অৱস্থাৰ পৰা ওলাই আহিব পৰা নাই। তদন্তকাৰীৰ সূত্ৰ অনুসৰি, দম্পতীহালে মূলতঃ দুটা স্থানৰ পৰা এই কামটো চলাইছিল। সেয়া হ’ল বান্দা আৰু চিত্ৰকূট। ২০১০ চনৰ পৰা ১০ বছৰ ধৰি এই কাম অবিৰতভাৱে কৰি আহিছিল দম্পতীহালে। উত্তৰ প্ৰদেশৰ বাহিৰলৈ অন্য ৰাজ্যলৈও বিয়পি পৰিছিল।
২০২০ চনত চি বি আয়ে তদন্ত আৰম্ভ কৰিছিল। সেই তদন্তৰ সময়ত বান্দাৰ পৰাই দম্পতীহালৰ অৱস্থান লাভ কৰিছিল বিষয়াসকলে। ইয়াৰ পিছতে দম্পতীহালক গ্ৰেপ্তাৰ কৰা হয়। গোপন সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বান্দা আৰু চিত্ৰকূটত নাবালিকাৰ যৌন নিৰ্যাতন চলি আছিল। মূলতঃ তিনিৰ পৰা ১৬ বছৰৰ ভিতৰৰ ছোৱালীক বান্দা আৰু চিত্ৰকূট অঞ্চলৰ পৰা প্ৰলুব্ধ কৰি যৌন নিৰ্যাতন চলোৱা হৈছিল।
কেৱল সেয়াই নহয়, নিৰ্যাতন চলোৱা ঘৰৰ পৰা উদ্ধাৰ হৈছে বিভিন্ন ইলেকট্ৰ’নিক গেজেট। ইয়াৰে ভিডিও আৰু ছবি উদ্ধাৰ হয়। তদন্তকাৰীয়ে জানিব পাৰে যে দম্পতীহালে সেই ছবি আৰু ভিডিঅ’বোৰ ডাৰ্ক ৱেবত বহু টকাত বিক্ৰী কৰিছিল। এই ছবি আৰু ভিডিঅ’বোৰ বহিঃৰাষ্ট্ৰলৈও প্ৰেৰণ কৰা হৈছিল। তদন্তকাৰীয়ে প্ৰথমে ৩৩ জন ভুক্তভোগীক চিনাক্ত কৰিছে। অভিযোগনামাত দাবী কৰা হৈছে যে ভুক্তভোগীৰ বয়স চাৰিৰ পৰা ২২ বছৰৰ ভিতৰত। এই ঘটনাত দিল্লীৰ পৰাও এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তকাৰীৰ সূত্ৰ অনুসৰি, অভিযুক্তই উত্তৰ প্ৰদেশৰ জলসিঞ্চন বিভাগত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত আছিল।











