
‘বন্দে মাতৰম’ক (Vande Mataram) লৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ বিৰুদ্ধে মাত মাতিছে নাগালেণ্ডৰ ছাত্ৰ সংগঠন নগা ষ্টুডেণ্টছ ফেডাৰেশ্যনে। তেওঁলোকে কয় যে এই গীতটোৱে নগা মানুহৰ ঐতিহাসিক, ৰাজনৈতিক আৰু সাংস্কৃতিক বাস্তৱতাক কোনো ধৰণে প্ৰতিফলিত কৰা নাই।

উল্লেখ্য যে এক নিৰ্দেশ জাৰি কৰি অমিত শ্বাহৰ নেতৃত্বত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কৈছিল যে এতিয়াৰে পৰা চৰকাৰী অনুষ্ঠানত জাতীয় সংগীত ‘জন গণ মন’ৰ আগত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ গাব লাগিব। ইয়াৰ নিয়মো স্থিৰ কৰা হৈছে। এইবাৰ ইয়াৰ বিৰুদ্ধে মাত মাতিছে এন এছ এফে।
সংগঠনটোৱে কয় যে তেওঁলোকৰ “পৰিচয়, অনন্য ইতিহাস”ক অপমান কৰা কোনো মতাদৰ্শ বা পৰম্পৰা তেওঁলোকৰ ওপৰত জাপি দিব নোৱাৰি। লগতে বিদ্যালয়সমূহ শিক্ষাৰ স্থান বুলিও কয়। তাত এনে আদেশ বাধ্যতামূলক কৰিব নোৱাৰি। এই সন্দৰ্ভত কোনো নিৰ্দেশনা জাৰি নকৰিবলৈ সংগঠনটোৱে নাগালেণ্ড স্কুল এডুকেশ্যন ব’ৰ্ডক অনুৰোধ জনাইছে।











