
ফৰিদাবাদৰ অশোক শৰ্মা নামৰ এজন ব্যক্তিৰ পৰিয়ালে সোণেৰে (Gold) ভৰা বাকচ এটা আৱৰ্জনা বুলি ভাবি বিক্ৰী কৰে । পিছত তেওঁলোকে নিজৰ ভুলটো উপলব্ধি কৰিলে যদিও সোণখিনি কিন্তু উদ্ধাৰ নহ’ল। অৱশেষত ঘটনাৰ চাৰি মাহৰ পাছত এজন দয়াশীল ভঙা-ছিঙা সামগ্ৰী ব্যৱসায়ীয়ে অশোক শৰ্মাক সোণখিনি ঘূৰাই দিয়ে।

অশোক শৰ্মাই কয় যে তেওঁলোকে এটা বাকচত সোণৰ গহনা ৰাখিছিল। চুৰি ৰোধ কৰিবলৈ যোৱা বছৰৰ জানুৱাৰী মাহত কুম্ভমেলালৈ যোৱাৰ পূৰ্বে ঘৰত বস্তাৰ ভিতৰত বাকচটো ৰখা হৈছিল। কিন্তু দীপাৱলীৰ সময়ত ঘৰ চাফা কৰি থাকোঁতে ভুলতে বস্তাটো জাবৰ বুলি ভঙা-ছিঙা বেপাৰীক বিক্ৰী কৰি দিয়া হয়।
অশোক শৰ্মাই কয়, “কুম্ভমেলালৈ যোৱাৰ আগতে আমি সোণখিনি সুৰক্ষিত কৰি ৰাখিছিলোঁ। দেৱালীৰ সময়ত ঘৰটো চাফা কৰি থাকোঁতে ভুলতে ইয়াক আৱৰ্জনা বুলি বিক্ৰী কৰা হৈছিল। আমি পিছত আমাৰ ভুলটো উপলব্ধি কৰিছিলোঁ আৰু বহুত হতাশ হৈছিলোঁ।” ইফালে কথাটো উপলব্ধি কৰি অশোক শৰ্মাই লৰালৰিকৈ ভঙা-ছিঙা ব্যৱসায়ীজনৰ ওচৰলৈ যায়। কিন্তু সোণৰ গহনা বিচাৰি পোৱা নগ’ল।
ফলত হতাশ হৈ ঘৰলৈ উভতি আহে। জানিব পৰা মতে বাকচটোত প্ৰায় ১০০ গ্ৰাম সোণ আছিল। কিন্তু চাৰি মাহৰ পাছত ঘটনাটোত এক নতুন টুইষ্ট আহে। পুৰণি বস্তুবোৰ ভাগ-বতৰা কৰি থাকোঁতে হাজী আখতাৰ খান নামেৰে পৰিচিত এজন ভঙা-ছিঙা ব্যৱসায়ীয়ে দেখিলে কাগজেৰে মেৰিয়াই থোৱা এটা সোণৰ বাকচ।
পলম নকৰাকৈ তেওঁ আৰক্ষীৰ ওচৰলৈ আহে। তেওঁ গহনাৰ বাকচটো বল্লভগড়ৰ এ চি পি জিতেশ মালহোত্ৰাৰ কাৰ্যালয়ত জমা কৰে। হাজী আখতাৰ খানে কয়, “সোণ বিচাৰি পোৱাৰ পিছত মই বুজিলোঁ যে এই সোণ সঠিক মালিকক ঘূৰাই দিয়াটো মোৰ দায়িত্ব। মোৰ সমগ্ৰ পৰিয়ালে এই সিদ্ধান্তক সমৰ্থন কৰে।”
এ চি পি মালহোত্ৰাই তেওঁৰ এই সৎ কামৰ বাবে ব্যৱসায়ী হাজী আখতাৰ খানক প্ৰশংসা কৰে। তেওঁ কয়, “সততা এতিয়াও জীয়াই আছে। একে সময়তে মানুহে নিজৰ মূল্যৱান বস্তুৰ প্ৰতি সাৱধান হোৱাও উচিত।”











