
চকুৰ ছানি পৰা অস্ত্ৰোপচাৰৰ (Eye Operation) অন্তত ৯ জন লোকে চকুৰ দৃষ্টিশক্তি হেৰুৱায়। উত্তৰ প্ৰদেশত এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। গোৰখপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হৈছে। বিষয়টো পোহৰলৈ অহাৰ লগে লগে ৰাজ্য প্ৰশাসনে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।

প্ৰথমতে অস্ত্ৰোপচাৰৰ পিছত সংক্ৰমণ ধৰা পৰা বুলি সন্দেহ কৰা হৈছে। যোৱা ১ ফেব্ৰুৱাৰীত গোৰখপুৰৰ ব্যক্তিগত চিকিৎসালয়খনত চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছিল। তাত ৩০ জন ৰোগীৰ চকুৰ ছানি পৰাৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। অস্ত্ৰোপচাৰৰ কিছুদিন পিছতে ১৮ জন ৰোগীৰ চকুৰ সমস্যা হ’বলৈ ধৰিলে।
তেওঁলোকৰ চকুত সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰে। তাৰে ৯ জনে দৃষ্টিশক্তি হেৰুৱাই পেলালে। আন এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাৰ পৰাই তেওঁলোকৰ চকুৰ দৃষ্টিশক্তি নোহোৱা হোৱাৰ খবৰ আহে। ইয়াৰ পিছত অস্ত্ৰোপচাৰৰ পিছত চকু দুটা আঁতৰাই দিয়া হয়।
ৰোগীসকলৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁলোকৰ বহুকেইজনক দিল্লী, লক্ষ্ণৌ আৰু বাৰাণসীৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত ভৰ্তি কৰা হয়। অস্ত্ৰোপচাৰৰ কিছুদিন পিছতে চকু ফুলিবলৈ আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰোগীসকলৰ আত্মীয়ই। তেজ আৰু পুজ ওলাবলৈ ধৰে। চকুত তীব্ৰ বিষ আৰম্ভ হয়।
সঞ্জয় সিং নামৰ এজন ৰোগীৰ পুত্ৰই কয়, “অস্ত্ৰোপচাৰৰ পিছদিনা মোৰ দেউতাৰ চকুৰ পৰা তেজ ওলাবলৈ ধৰে। আমি প্ৰথমে তেওঁক বাৰাণসীলৈ লৈ গ’লোঁ। তাৰ পৰা তেওঁক দিল্লীলৈ স্থানান্তৰিত কৰা হ’ল। কিন্তু চকুৰ পৰা তেজ ওলোৱা কমা নাছিল। আমাৰ পৰিয়ালৰ আন দুজন সদস্যৰো চকুৰ অস্ত্ৰোপচাৰ কৰা হ’ল। তেওঁলোকৰো একে সমস্যা আছে।” ঘটনাৰ পিছতে স্বাস্থ্য বিভাগে চিকিৎসালয়খন পৰিদৰ্শন কৰে।
চিকিৎসালয়খনৰ চকু বিভাগ ছীল কৰা হয়। পৰীক্ষাৰ অন্তত ৰোগীসকলৰ চকুৰ সংক্ৰমণ হোৱা বুলি ধৰা পৰে। জিলা দণ্ডাধীশ দীপক মীনাই কয় যে অভিযুক্ত চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁ কয়, “আমি চিকিৎসালয়খন ছীল কৰিছোঁ। দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। যদি কোনো লোকৰ গাফিলতিৰ কথা ধৰা পৰে তেন্তে তেওঁলোকৰ পঞ্জীয়ন বাতিল কৰা হ’ব।











