
বেংগালুৰু (Bengaluru)ত এগৰাকী ৭০ বছৰীয়া (70 yrs old) মহিলাক ডিঙি কাটি হত্যা (Woman strangled to death) কৰাৰ অভিযোগ। অভিযুক্তজন চুবুৰীয়া। স্বামী-স্ত্ৰী একেখন বিছনাত শুই আছিল। কিন্তু পত্নীক হত্যা কৰিলেও কাষতে শুই থকা স্বামীয়ে গমকে পোৱা নাছিল।
আৰক্ষীয়ে জনোৱা মতে, মৃত মহিলাগৰাকীৰ নাম শোভা (Sobha)। বেংগালুৰুৰ নীলামংগালা অঞ্চলৰ হিৰাপুৰত এই দম্পতীহালৰ ঘৰ। স্বামী ৰঙ্গানাথ মানসিকভাৱে অস্থিৰ। ১৫ বছৰ ধৰি অসুস্থ হৈ আছে। শোভাই তেওঁৰ চোৱা-চিতা কৰিছিল। শোভাই প্ৰতিদিনে পুৱা স্বামীৰ লগত ফুৰিবলৈ ওলাই গৈছিল। বুধবাৰেও ফুৰিবলৈ ওলাইছিল। তাৰ পিছত তেওঁলোক উভতি আহি দুয়ো একেলগে জিৰণি লৈ আছিল।
আৰক্ষীয়ে জনোৱা মতে, ৰঙ্গানাথৰ থেৰাপীৰ বাবে প্ৰতিদিনে এজন চিকিৎসক আহিছিল। বুধবাৰেও সময়মতে তেওঁ শোভাৰ ঘৰ পায়। প্ৰথমে কাৰো পৰা কোনো সঁহাৰি পোৱা নাছিল বুলি তেওঁ দাবী কৰে। তেওঁ ভাবিলে তেওঁলোক হয়তো শুই আছে। দুৱাৰৰ বেল বজালেও কিন্তু কোনো সঁহাৰি নাপালে। তাৰ পিছত দৰ্জাখন ঠেলি ভিতৰ সোমোৱাৰ লগে লগে শোভাক বিছনাত পৰি থকা প্ৰত্যক্ষ কৰে। তেওঁৰ ডিঙিৰ কটা আছিল। বিছনাখন তেজেৰে তিতি গৈছিল। আশ্চৰ্যজনকভাৱে সেই বিছনাতে পৰি আছিল ৰঙ্গানাথ। তেওঁ গম পোৱা নাছিল যে তেওঁৰ পত্নীক হত্যা কৰা হৈছে।

চিকিৎসকজনে লগে লগে এই বিষয়ে ওচৰ চুবুৰীয়াক অৱগত কৰে। আৰক্ষীকো খবৰ দিয়া হয়। আৰক্ষীয়ে আহি শোভাৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে গম পায় যে শিৱকুমাৰ নামৰ এজন যুৱক দম্পতীহালৰ ঘৰলৈ আহিছিল। তেওঁ সেই অঞ্চলতে থাকে। পানী বিচৰাৰ অজুহাতত শোভাৰ ঘৰত প্ৰৱেশ কৰি কিছু সময়ৰ পাছত তেওঁ ওলাই যায়। এজন তদন্তকাৰী বিষয়াই জনোৱা মতে, ঘৰটোৰ পৰা ১০০ গ্ৰাম সোণৰ গহনা চুৰি হৈছে। চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰাৰ অন্তত ঘটনাৰ ছয় ঘণ্টাৰ ভিতৰতে অভিযুক্ত শিৱকুমাৰক গ্ৰেপ্তাৰ (Arrest Shivkumar) কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ মূল লক্ষ্য আছিল মহিলাগৰাকীৰ গহনা কাঢ়ি লোৱা। জেৰাৰ অন্তত আৰক্ষীয়ে গম পায় যে শিৱকুমাৰৰ বহুত ঋণ আছে। ঋণ পৰিশোধ কৰিবলৈ তেওঁ চুৰি কৰাৰ পৰিকল্পনা কৰিছিল। শোভাই পিন্ধি থকা গহনাবোৰ দেখি সি সেই গহনাবোৰ লুট কৰাৰ পৰিকল্পনা ৰচনা কৰিলে। পৰিকল্পনা অনুসৰি খোৱাপানী বিচৰাৰ অজুহাতত তেওঁ শোভাৰ ঘৰত প্ৰৱেশ কৰি গহনাবোৰ চুৰি কৰিবলৈ চেষ্টা কৰে। কিন্তু শোভাই তাক বাধা দিবলৈ চেষ্টা কৰাত শ্বাসৰুদ্ধ কৰি ডিঙি কাটি হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, শিৱকুমাৰৰ পৰা উদ্ধাৰ কৰা হৈছে সোণৰ গহনা।










