
বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰিয়ংকা গান্ধীৰ এই ভ্ৰমণৰ সময়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ বাবে কেইবাখনো বৈঠকত মিলিত হ’ব।

বৃহস্পতিবাৰে পুৱা প্ৰায় ১০ বজাত প্ৰিয়ংকা গান্ধীয়ে গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰে৷ বিমানবন্দৰত তেওঁক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ তথা দলৰ অন্যান্য নেতাসকলে আদৰণি জনায়।
বিমানবন্দৰৰ পৰা প্ৰিয়ংকা গান্ধী পোনে পোনে কামাখ্যা মন্দিৰলৈ ৰাওনা হয় আৰু তাত মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰে৷ প্ৰদেশ কংগ্ৰেছৰ সূত্ৰ মতে, স্ক্ৰীনিং কমিটীৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীয়ে দলৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সদস্য, বিধায়ক, জিলা সভাপতি আৰু সাংসদসকলৰ সৈতে বৈঠকত মিলিত হ’ব।

আনহাতে, দিনটোৰ শেষৰ ফালে তেওঁ সংবাদমেলৰ সম্বোধন কৰি বিজেপি চৰকাৰৰ ব্যৰ্থতা আৰু দুৰ্নীতি দাঙি ধৰা এখন পত্ৰিকা উন্মোচন কৰাৰ কথা আছে। একেদৰে শুকুৰবাৰেও প্ৰিয়ংকা গান্ধীয়ে কেইবাটাও দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷











