
তেওঁ সদায় ভাবি আছিল যে তেওঁৰ মৃত্যু হ’লে পত্নীৰ কি হ’ব। সেইবাবেই তেওঁ পত্নীক ডিঙি চেপি হত্যা কৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ এজন প্ৰাক্তন কৰ্মচাৰীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত এই দাবী কৰে।

সন্ধ্যাশ্ৰী আৰু তেওঁৰ স্বামী নাগেশ্বৰ ৰাও (৭০) বেংগালুৰুৰ হোৱাইটফিল্ড অঞ্চলৰ এটা আৱাসিক ফ্লেটত বাস কৰিছিল। সেই ফ্লেটৰ পৰা বুধবাৰে পুৱা উদ্ধাৰ হয় সন্ধ্যাৰ মৃতদেহ । ডিঙি চেপি হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
মৃতদেহ উদ্ধাৰ কৰাৰ সময়ত তেওঁৰ স্বামী নাগেশ ফ্লেটটোত আছিল। জানিব পৰা মতে, তেওঁ নিজেই চিনাকি এজনক ফোন কৰি হত্যাকাণ্ডৰ বিষয়ে অৱগত কৰে। তাৰ পৰাই আৰক্ষীয়ে তথ্য লাভ কৰে। পিছত সেই ফ্লেটলৈ গৈ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে।
ঘটনাৰ ক্ৰম অনুসৰি, আৰক্ষীয়ে প্ৰথমে তেওঁকেই সন্দেহ কৰিছিল। তেওঁক সোধা-পোছা কৰিবলৈ আৰম্ভ কৰাৰ সময়তে অপৰাধ স্বীকাৰ কৰে। লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈ যায়।
ধৃত বৃদ্ধগৰাকীয়ে কিয় পত্নীক হত্যা কৰিলে সেয়া এতিয়াও সম্পূৰ্ণ স্পষ্ট হোৱা নাই। তদন্তকাৰীয়ে তেওঁক জেৰা কৰি এই সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে।
প্ৰাথমিক জেৰাৰ সময়ত অভিযুক্তই দাবী কৰে যে তেওঁৰ মৃত্যু হ’লে পত্নীৰ কি হ’ব সেই লৈ তেওঁ সদায় চিন্তিত হৈ থাকে। সেইবাবেই তেওঁ নিজৰ পত্নীক হত্যা কৰা বুলি দাবী কৰে। অৱশ্যে এই দাবীৰ সত্যতা পৰীক্ষা কৰাটো প্ৰয়োজন বুলি আৰক্ষীয়ে অনুভৱ কৰে। এই হত্যাকাণ্ডৰ আঁৰত আন কিবা কাৰণ থাকিব পাৰে নেকি সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে।
অভিযুক্তৰ কোনো মানসিক সমস্যা আছে নেকি সেই বিষয়েও তদন্ত চলি আছে। প্ৰাৰম্ভিক তদন্তৰ ভিত্তিত বেংগালুৰুৰ হোৱাইটফিল্ড এলেকাৰ আৰক্ষী উপ আয়ুক্তই কয় যে অভিযুক্ত বৃদ্ধজন প্ৰায়ে হতাশ আৰু ভাৰাক্ৰান্ত হৈ থাকে। ইয়াৰ বাবে তেওঁ চিকিৎসাধীনো হৈ আছিল।
আৰক্ষীয়ে জানিব পাৰিছে যে তেওঁ নিজেও পূৰ্বে আত্মহত্যাৰ চেষ্টা কৰিছিল। পি টি আইৰ বাতৰি অনুসৰি, দম্পতীহালৰ একমাত্ৰ কন্যা বৰ্তমান আমেৰিকাত থাকে আৰু ইতিমধ্যে আৰক্ষীয়ে তেওঁক এই কথা অৱগত কৰিছে।











