
আদালতৰ অনুমতি অবিহনে দেশৰ বাহিৰলৈ নাযায় উদ্যোগপতি অনিল আম্বানী (Anil Ambani) । উচ্চতম ন্যায়ালয়ত শপতনামাত দি এই কথা তেওঁ জনাইছে। আনহাতে, কেন্দ্ৰীয় সংস্থা ইডি আৰু চিবিআইৰ তদন্তত তেওঁ পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও শপতনামাত উল্লেখ কৰিছে।

অনিল ধীৰুভাই আম্বানী গ্ৰুপৰ নিয়ন্ত্ৰণত থকা কোম্পানীসমূহৰ বিৰুদ্ধে ঋণ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ উত্থাপন হৈছে যে ৪০ হাজাৰ কোটিৰো অধিক ঋণৰ জালিয়াতি সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত ইডি আৰু চিবিআয়ে তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে এই তদন্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় সচিব ই এ এছ শৰ্মাই।
আদালতৰ তত্ত্বাৱধানত তদন্ত চলাবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। এই গোচৰৰ শুনানি গ্ৰহণ কৰিছে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে। শেহতীয়াকৈ অধিবক্তা মুকুল ৰোহাতগীয়ে এই গোচৰত অনিল আম্বানীৰ হৈ আদালতত শপতনামা দাখিল কৰে।
অনিল আম্বানীয়ে তেওঁৰ অধিবক্তাৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত কয় যে তেওঁ ২০২৫ চনৰ জুলাই মাহৰ পৰা (তদন্ত আৰম্ভ হোৱাৰ পিছৰে পৰা) ভাৰতৰ বাহিৰলৈ যোৱা নাই। তেওঁৰ ভাৰতৰ বাহিৰলৈ যোৱাৰ এতিয়া কোনো পৰিকল্পনা বা অভিপ্ৰায়ো নাই।
একে সময়তে তেওঁ লগতে কয় যে যদি বিদেশ ভ্ৰমণৰ প্ৰয়োজন হয় তেন্তে সেই ভ্ৰমণৰ বাবে উচ্চতম ন্যায়ালয়ৰ পৰা পূৰ্বে অনুমতি ল’ব। লগতে অনিল ধীৰুভাই আম্বানী গ্ৰুপৰ অধ্যক্ষগৰাকীয়ে আৰম্ভণিৰে পৰা তদন্তকাৰী সংস্থাসমূহৰ সৈতে সহযোগিতা আগবঢ়াই আহিছে বুলিও জানিবলৈ দিয়ে। আগন্তুক দিনতো তেওঁ পূৰ্ণ সহযোগিতা আগবঢ়াই যাব।
যোৱা ২৬ ফেব্ৰুৱাৰীত ঋণ জালিয়াতিৰ গোচৰৰ তদন্তৰ বাবে ইডিয়ে অনিল আম্বানীক চমন কৰিছে। উচ্চতম ন্যায়ালয়ত এই কথা নিজেই উল্লেখ কৰি উদ্যোগপতিগৰাকীয়ে সেইদিনা ইডিৰ কাৰ্যালয়লৈ গৈ তদন্তত সহযোগিতা আগবঢ়াব বুলি কয়।
আৰ্থিক অনিয়মৰ অভিযোগৰ তদন্তৰ গতি লেহেমীয়া হোৱাৰ বাবেও উচ্চতম ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰে। অনিল ধীৰুভাই আম্বানী গ্ৰুপৰ নিয়ন্ত্ৰিত কোম্পানীসমূহৰ বিৰুদ্ধে তদন্তৰ অগ্ৰগতি সন্দৰ্ভত চাৰি সপ্তাহৰ ভিতৰত নতুন ষ্টেটাছ ৰিপ’ৰ্ট দাখিল কৰিবলৈ চিবিআই আৰু বলবৎকাৰী সঞ্চালকালয়ক নিৰ্দেশ দিয়ে। ১৮ নৱেম্বৰত মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই গোচৰত প্ৰথমবাৰৰ বাবে কেন্দ্ৰ, দুই তদন্তকাৰী সংস্থা অনিল আম্বানী আৰু তেওঁৰ মালিকানাধীন গ্ৰুপটোক জাননী জাৰি কৰিছিল।
অভিযোগকাৰীয়ে অভিযোগ কৰে যে যদিও ২০০৭-০৮ চনৰ পৰা এই জালিয়াতি চলি আছিল, তথাপিও ২০২৫ চনত এফ আই আৰ দাখিল কৰা হৈছিল। ইডি আৰু চিবিআয়ে কি তদন্ত কৰি আছে সেই বিষয়ে জনোৱাৰ বাবে উচ্চতম ন্যায়ালয়ক নিৰ্দেশ দিবলৈও কোৱা হৈছে।











