
দিল্লীত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তা (AI) সন্মিলনৰ সমান্তৰালকৈ স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰ’ ছানচেজ আৰু ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটেৰী অৰ্প’ক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi)।

এইটো স্পষ্ট যে বৈঠকৰ এটা বৃহৎ অংশত ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীয়ে কয় যে এই চুক্তিয়ে ভাৰত-ইউৰোপ সম্পৰ্কৰ এক সোণালী যুগৰ সূচনা কৰিব। মঙলবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতেও সাক্ষাৎ কৰে মোদীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে স্পেইনৰ ৰাষ্ট্ৰপতি ছানচেজৰ সৈতে হোৱা বৈঠকক ফলপ্ৰসূ বুলি অভিহিত কৰে। তেওঁ কয় যে দুয়োখন দেশৰ বন্ধুত্ব আৰু অধিক শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। নিৰাপত্তা, প্ৰতিৰক্ষা আৰু প্ৰযুক্তিৰ বিষয়েও আলোচনা কৰা হয়।
এক্স একাউণ্টত পোষ্ট কৰি মোদীয়ে লিখিছে, “আমি দুই দেশে ২০২৬ বৰ্ষক ভাৰত-স্পেইনৰ সংস্কৃতি, পৰ্যটন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বছৰ হিচাপে চিনাক্ত কৰিছোঁ। ফলত দুয়োখন দেশৰ মাজত জনসাধাৰণৰ সংস্পৰ্শ আৰু অধিক বৃদ্ধি পাব। কিছুমান বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিও ভাৰতলৈ অহা দেখি মই অতিশয় আনন্দিত হৈছোঁ।
ইয়াৰ ফলত দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সংযোগো বৃদ্ধি পাব৷” প্ৰধানমন্ত্ৰীয়ে আৰু লিখিছে, “এই ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিয়ে স্পেইনৰ সৈতে আমাৰ অৰ্থনৈতিক অংশীদাৰিত্বত ইতিবাচক প্ৰভাৱ পেলাব। ই আমাৰ দেশৰ জনসাধাৰণৰ বাবে নতুন সুযোগ মুকলি কৰিব।”
উল্লেখ্য যে ২৭ জানুৱাৰীত ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত মুক্ত বাণিজ্য চুক্তি (FTA) সম্পৰ্কীয় আলোচনা চূড়ান্ত হয়। এই খবৰ প্ৰধানমন্ত্ৰীয়ে নিজেই ঘোষণা কৰে। লগতে তেওঁ কয় যে সমগ্ৰ বিশ্বই এই চুক্তিক ‘সকলো চুক্তিৰ জননী’ বুলি অভিহিত কৰিছে।
মোদীৰ সৈতে হোৱা বৈঠকৰ পিছত ছানচেজেও এক্সত এই বিষয়ে কয়। তেওঁ লিখিছে, “এ আইৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিবলৈ এই সন্মিলন আয়োজন কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছোঁ।”
আনহাতে, মোদীয়ে কয় যে ভাৰত-ইউৰোপীয় ইউনিয়নৰ চুক্তিক সমৰ্থন কৰাৰ বাবে ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটেৰীক ধন্যবাদ জনাইছে। তেওঁ নিজৰ এক্স একাউণ্টত লিখিছে, “ভাৰত আৰু ফিনলেণ্ড দুয়োখন দেশৰ মাজত বাণিজ্য দুগুণ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ ফলত অৰ্থনৈতিক সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব।
“ইউৰোপীয় ইউনিয়নৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হ’লে ইউৰোপীয় দেশসমূহৰ সৈতে ভাৰতৰ বাণিজ্য বৃদ্ধি পাব। এই বিষয়টো ৰাষ্ট্ৰপ্ৰধান দুগৰাকীৰ সৈতে হোৱা বৈঠকত বাৰে বাৰে উত্থাপন হৈ আহিছে। এই চুক্তি কাৰ্যকৰী হ’লে ভাৰতৰ ৯০ শতাংশ সামগ্ৰী ইউৰোপীয় ইউনিয়নৰ ২৭ খন সদস্য দেশলৈ শুল্কমুক্তভাৱে ৰপ্তানি কৰা হ’ব।
নতুন দিল্লীয়ে ইউৰোপৰ অন্যান্য দেশৰ পৰা সামগ্ৰী আমদানিৰ ওপৰতো শুল্ক হ্ৰাস বা প্ৰত্যাহাৰ কৰিব। এই চুক্তিৰ ফলত বিশ্বৰ ২৫ শতাংশ ৰপ্তানিযোগ্য সামগ্ৰীৰ ওপৰত কোনো শুল্ক আৰোপ কৰা নহটব। ইয়াৰ দ্বাৰা ভাৰত আৰু উক্ত ইউৰোপীয় দেশসমূহৰ মুঠ ১.৯ বিলিয়ন ক্ৰেতা লাভৱান হ’ব।
সেইবাবেই এই চুক্তিখনক বহুতে ‘সকলো চুক্তিৰ জননী’ বুলি কয়। এ আই সন্মিলনৰ সমান্তৰালকৈ ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ দেশসমূহে উক্ত চুক্তি কাৰ্যকৰী কৰাৰ দিশত আৰু এখোজ আগবাঢ়িল।











