
ভেলেণ্টাইন ডে’ (Valentine’s Day)ৰ দিনাখন অনুষ্ঠিত হৈছিল এখন বিয়া (Marriage)। কিন্তু এই বিয়াৰ এটা ভিডিঅ’ই এতিয়া সকলোতে তোলপাৰ লগাইছে। বিয়াৰ এই ভিডিঅ’টোত দেখা গৈছে ন-কইনাৰ ওপৰত (On the roof) টকাৰ বৰষুণ। তেওঁক টকাৰ বৰষুণেৰে (Rain of money) উপচাই দিয়া হৈছে। টকাৰ পৰিমাণো একেবাৰে কম নহয়। হিচাপ কৰা হৈছে যে এই ধনৰাশি প্ৰায় ৮.৫ কোটি টকা (8.5 crore rupees)।
আলহীৰ পৰা আৰম্ভ কৰি বিয়াৰ পাৰ্টীলৈকে সকলোৱে বিয়াত টকা উৰুৱাইছে। ফলত এই ভিডিঅ’টোৱে ইণ্টাৰনেটত আলোড়নৰ সৃষ্টি কৰিছে। আনকি এই বিয়াখনক নগদ ধনৰ পাৰ্টী বুলিও বহুতে ধেমালি কৰিছে। অৱশ্যে বিবাহ আয়োজকসকলে এই দাবী সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে।

দৰাৰ এজন আত্মীয়ই জনোৱা মতে, দৰাৰ অষ্ট্ৰেলিয়াত ট্ৰাকৰ ব্যৱসায় আছে। ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেণ্টাইন ডে’ত বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল। যি টকা খৰচ হৈছিল সেই ধনৰ পৰিমাণ আছিল মাত্ৰ ২ লাখ টকা। তাতকৈ বেছি নহয়। অৱশ্যে ছ’চিয়েল মিডিয়াত কৰা দাবী সম্পূৰ্ণ ভুল।
এই বিয়াৰ ইভেণ্ট মেনেজাৰ আৰু ডিজেয়েও দাবী কৰিছিল যে টকাৰ পৰিমাণ সিমান নাছিল। তেওঁলোকে পুনৰ দাবী কৰে যে এই ধনৰ পৰিমাণ প্ৰায় ৪ লাখ টকা। তাত ডলাৰো আছিল।
অৱশ্যে যিয়েই দাবী নকৰক কিয়, এই বিয়াখনক লৈ সমগ্ৰ ইণ্টাৰনেট তোলপাৰ লাগিছে। যি হাৰত টকা উৰি থকা দেখা গৈছে, সেই হাৰত এই ভিডিঅ’টোৰ জনপ্ৰিয়তাও বাঢ়িছে।











