
অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনা সেনা সক্ৰিয় আছে নেকি বা অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে নেকি সেই কথা কৃত্ৰিম বুদ্ধিমত্তাৰ (AI)সহায়ত আগতীয়াকৈ জানিবলৈ চেষ্টা কৰিছে ভাৰতীয় সেনাই।

কেৱল সেয়াই নহয়, প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ কাষত ৰঙা চীনৰ আগ্ৰাসী কাৰ্যকলাপো কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত বন্ধ কৰা হৈছে। দিল্লীত অনুষ্ঠিত এ আই ইমপেক্ট ছামিট ২০২৬ৰ মঞ্চত এই কথা দাবী কৰে কৌশলগত বাহিনী কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল দীনেশ সিং ৰাণাই।
বৰ্তমান যুদ্ধক্ষেত্ৰত আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। কেৱল সেয়াই নহয়, কৃত্ৰিম বুদ্ধিমত্তাই আগন্তুক দিনত সামৰিক আৰু প্ৰতিৰক্ষা জগতৰ স্বৰূপো সলনি কৰিব পাৰে বুলি বিশ্বাস কৰা হৈছে।
প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এ আয়ে যি প্ৰধান ভূমিকা ল’বলৈ গৈ আছে, সেই বিষয়ে লেফটেনেণ্ট জেনেৰেলে অৰুণাচলত প্ৰকৃত নিয়ন্ত্ৰণৰেখাত ভাৰতীয় সেনাই কেনেদৰে এ আই ব্যৱহাৰ কৰি আছে সেই বিষয়ে আলোকপাত কৰে।
তেওঁ কয় যে অৰুণাচলৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত অতি কম খৰচী আৰু স্থানীয়ভাৱে বিকশিত এ আই ব্যৱস্থা ব্যৱহাৰ কৰা হৈছিল। সেই ব্যৱস্থাই ভাৰতীয় সেনাক সকীয়াই দিছিল যে প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনা সেনা অতি সক্ৰিয়। নতুন সামৰিক ঘাটি নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।
লেফটেনেণ্ট জেনেৰেলে দাবী কৰিছে যে চীনা সেনাবাহিনীৰ এই অতি সক্ৰিয়তাৰ বিষয়ে আগতীয়াকৈ জানিলে ভাৰতীয় সেনাই ব্যৱস্থা গ্ৰহণৰ বাবে অতি উপকাৰী হ’ব। যাৰ বাবে আগতীয়াকৈ কৌশল নিৰ্ধাৰণ কৰা সম্ভৱ আৰু সেনাৰ হতাহতিৰ পৰা হাত সাৰিব পাৰি।
লেফটেনেণ্ট জেনেৰেলে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ বিষয়টোও উত্থাপন কৰে। তাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কেনেদৰে কৰা হৈছিল সেই কথাও তেওঁ উল্লেখ কৰে। অৱশ্যে আগন্তুক দিনত ভাৰতৰ প্ৰতিৰক্ষাত এ আয়ে ডাঙৰ ভূমিকা ল’ব বুলিও ইংগিত দিয়ে লেফটেনেণ্ট জেনেৰেলগৰাকীয়ে।










