
ৰাজহুৱা স্থানত মাছ-মাংস বিক্ৰী কৰিব নোৱাৰিব। নীতিশ কুমাৰৰ (Nitish Kumar) চৰকাৰে বিহাৰত এই কাম নিষিদ্ধ কৰিছে। উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাই ঘোষণা কৰিছে যে ৰাজ্যৰ কোনো ঠাইতে কোনেও ৰাজহুৱা স্থানত মাছ-মাংস বিক্ৰী কৰিব নোৱাৰিব।

নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পিছত কেৱল অনুজ্ঞাপত্ৰ থকা দোকানীয়েহে মাছ-মাংস বিক্ৰী কৰিব পাৰিব। উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই ক্ষেত্ৰত সকলোৱে নিয়ম মানি চলিব লাগিব।
কোনোবাই যদি নিয়ম উলংঘা কৰে বা উলংঘা কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁ কয়, “ৰাজ্যৰ কোনো ঠাইতে মাছ-মাংস ৰাজহুৱা স্থানত বিক্ৰী কৰিব নোৱাৰিব। এই ক্ষেত্ৰত চৰকাৰে ইতিমধ্যে নতুন নিয়ম প্ৰণয়ন কৰিবলৈ ওলাইছে। অতি সোনকালে কাৰ্যকৰী হ’ব।”
অৱশ্যে এই নিয়ম কেতিয়া কাৰ্যকৰী হ’ব আৰু নিয়ম উলংঘা হ’লে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই সন্দৰ্ভত কোনো স্পষ্টকৈ কোৱা নাই উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে যোৱা বছৰৰ মাৰ্চ মাহত উত্তৰ প্ৰদেশ চৰকাৰে ধৰ্মীয় স্থানৰ পৰা ৫০০ মিটাৰৰ ভিতৰত মাংস বিক্ৰী নিষিদ্ধ কৰিছিল।
যোগী আদিত্যনাথ প্ৰশাসনে এই সন্দৰ্ভত সকলো জিলা দণ্ডাধীশক কঠোৰ নিৰ্দেশ জাৰি কৰিছিল। এইবাৰ বিহাৰত ৰাজহুৱা স্থানত মাছ-মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙেও চৰকাৰে ৰাজহুৱা স্থানত মাছ-মাংস বিক্ৰী নিষিদ্ধ কৰাৰ সিদ্ধান্ত নিশ্চিত কৰিছে।
তেওঁ কয়, “বিহাৰ চৰকাৰৰ এই সিদ্ধান্ত আদৰণীয়। মই সকলো জিলা দণ্ডাধীশক এই ক্ষেত্ৰত সঠিক পদক্ষেপ ল’বলৈ অনুৰোধ কৰিম।” ইতিমধ্যে নীতিশ কুমাৰ চৰকাৰে বিহাৰত সুৰা নিষিদ্ধ কৰিছে। এইবাৰ ৰাজহুৱা স্থানত মাছ-মাংস বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হ’ল।











